খোজৰ শব্দ (গ্ৰন্থ)
খোজৰ শব্দ গ্ৰন্থখন সম্পাদনা কৰিছে সঞ্জী পল ডেকাই৷ গ্ৰন্থখন অসমৰ এগৰাকী গল্পকাৰ বিপুল খাটনিয়াৰৰ স্মাৰক গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হৈছে৷ প্ৰকাশ কৰিছে বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চ আৰু নতুন সাহিত্য পৰিষদ, দক্ষিণ গুৱাহাটী শাখাই৷ কিতাপখন ২০২২ চনত প্ৰকাশ হৈছে।
উদ্ধৃতি
সম্পাদনা কৰক- যোৱা প্ৰায় পাঁচোটা দশক ধৰি অসমীয়া ভাষাত গল্প-চৰ্চা কৰি নীৰৱে আঁতৰি গ'ল বিপুল খাটনিয়াৰ (১৯ মাৰ্চ, ১৯৫৩-৪ জুলাই, ২০২১)। ভাষাৰ ওজা হেমচন্দ্ৰ আৰু সাহিত্যৰথী বেজবৰুৱাৰ ঠাইৰে লেখক হিচাপে জন্মসূত্ৰেই লাভ কৰা 'সেই অমিয়া মাত'ৰ ন ন সম্ভাৱনা আৱিষ্কাৰ কৰি গ'ল খাটনিয়াৰে। কিন্তু ভাষাৰ পৰীক্ষা- নিৰীক্ষা তেওঁৰ বাবে সদায়ে আছিল গৌণ, বিষয়বস্তুহে মুখ্য। তদুপৰি শিৱসাগৰীয়া হৈয়ো অৰুনোদই-হেমচন্দ্ৰ-বেজবৰুৱাৰ ভাষিক জাতীয়তাবাদৰ তেওঁ আছিল কঠোৰ সমালোচক; জাতীয়তাবাদৰ ঠেক গণ্ডীৰ পৰিধি ভাঙি তেওঁ ওৰেটো জীৱন সন্ধান কৰি গ'ল 'ভিন্ন জীৱন ভিন্ন কথকতা'ৰ।- সঞ্জীৱ পল ডেকা [১]
- বিপুল খাটনিয়াৰৰ গল্পত ৰাজনৈতিক অভিজ্ঞতাৰ ৰূপায়ণ যিকেইটা পৰ্যায়ত দেখিবলৈ পোৱা যায় তাৰ স্বভাৱ আৰু চৰিত্ৰ অন্যান্য সাংস্কৃতিক স্থিতি আৰু অৱস্থাৰ লগত ওতঃপ্ৰোতভাবে জড়িত।- বিভাস চৌধুৰী [২]
- বিপুল খাটনিয়াৰৰ গল্পত অতি সামান্যসংখ্যক ঘটনা সংযোগ কৰি গল্পৰ অভিঘাত পঢ়ুৱৈক প্ৰদান কৰিবলৈ বিচৰা হয়। ঘটনা সীমাহীনভাৱে যোগ কৰি নাযায় বুলিয়েই নিটোল ৰূপটোৱে সংবেদনশীল পঢ়ুৱৈক আকৰ্ষণ কৰে। জীৱন আৰু মানুহ সম্পৰ্কে দৃষ্টিভংগী খাটনিয়াৰৰ গল্পত প্ৰতিভাত হৈছে ব্যঞ্জনাদীপ্ততাৰে আৰু কেতিয়াবা অৰ্দ্ধস্পষ্ট ৰূপত। তেওঁৰ কেইবাটাও উৎকৃষ্ট গল্পত সত্ৰীয়া জীৱনৰ নিখুঁত আৱহৰ জৰিয়তে ফুটাই তুলিবলৈ যাওঁতে গল্পকাৰে ভাষাটো ঈৰ্ষণীয়ভাৱে আত্মস্থ কৰি লৈ পঢ়ুৱৈক প্ৰবলভাৱে জোকাৰি যাবলৈ সক্ষম হৈছে। - এম কামালুদ্দিন আহমেদ[৩]
- ভিন্ন জীৱন ভিন্ন কথকতা বুলি বিপুল খাটনিয়াৰৰ কিতাপ এখন আছে। তাৰ কোনোটো গল্পৰে নাম 'ভিন্ন জীৱন ভিন্ন কথকতা' নহয়। তেওঁৰ গল্পবোৰে একেলগে মনত পেলোৱা সাঁচেৰেই কিতাপখনৰ নাম। তেওঁ নিজৰ গল্পৰ বিষয়ে অলপ কৈছে, যেনে কিতাপবোৰৰ এপিঠীয়া-ডেৰপিঠীয়া পাতনিবোৰত। তথাপি সেইবোৰ দীঘল, 'ভিন্ন জীৱন ভিন্ন কথকতা' শব্দ চাৰিটাৰ তুলনাত। ক'বলৈ গ'লে এইকেইটা শব্দ গল্পবোৰৰ ৰেহ-ৰূপ সন্দৰ্ভত আটাইতকৈ চুটি অথচ আটাইতকৈ কথকী বিৱৰণ।- প্ৰাঞ্জল শৰ্মা বশিষ্ঠ [৪]
- বিপুল খাটনিয়াৰৰ গল্পসমূহত সমাজৰ নিম্নবৰ্গীয় লোকৰ জীৱনৰ বাস্তৱতা, উচ্চ শ্ৰেণীৰ অহমিকা, শোষণ-নিপীড়ন, প্ৰতিবাদ, বামপন্থী চিন্তা-চেতনাৰ লগতে সাম্প্ৰতিক যুৱ মানসিকতা, সন্ত্ৰাসবাদীৰ সমস্যা, ৰাজনীতিৰ চলনাময় দিশ আদিবো উন্মোচন ঘটিছে। বিপুল খাটনিয়াৰৰ গল্পৰ বিষয়বস্তু নিতান্তই সামাজিক। ব্যক্তিগত বোধ-অনুভূতিকো বিচাৰ কৰা হৈছে সামাজিক প্ৰেক্ষাৰে। গতিকে সমাজ-চেতনা গল্পসমূহৰ প্ৰধান সুৰ। সমাজৰ সূক্ষ্ম নিৰীক্ষণ আৰু অনুধাৱনৰ চেষ্টা গল্পৰ বৰ্ণনাৰ আঁহে আঁহে প্ৰতিফলিত হৈছে। অভিজ্ঞতা আৰু চিন্তাৰ পৰিপক্বতাৰ বাবে গল্পৰ বিষয়বস্তুও গভীৰ আৰু অৰ্থবহ হৈ ধৰা দিছে।- লিপিমণি দত্ত [৫]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ খোজৰ শব্দ 2022, পৃষ্ঠা. আগকথা.
- ↑ খোজৰ শব্দ 2022, পৃষ্ঠা. ২২.
- ↑ খোজৰ শব্দ 2022, পৃষ্ঠা. ২৪.
- ↑ খোজৰ শব্দ 2022, পৃষ্ঠা. ৩৪.
- ↑ খোজৰ শব্দ 2022, পৃষ্ঠা. ৪০.