খনীন চন্দ্ৰ চৌধুৰী
খনীন চন্দ্ৰ চৌধুৰী হৈছে এজন অসমীয়া গণিত-সাধক, পাঠ্যপুথি প্ৰণয়ক। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এমেৰিতাছ প্ৰফেছৰ হিচাপে সন্মান পাইছিল।[১] তেওঁ বিমুৰ্ত গণিতত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত। তেওঁক গল্ডি মডিউলৰ গঠন আৰু গল্ডি নিয়েৰ-ৰিং বুলি কোৱা ধাৰণাটো সম্প্ৰসাৰণ কৰাৰ মান্যতা দিয়া হৈছে।[২]
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- গণিতৰ প্ৰতি আকৰ্ষিত হোৱা বিষয়টো মোৰ ক্ষেত্ৰত নাখাটে! প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়া-শুনা কিয় কৰিব লাগে একো বুজা নাছিলোঁ। সপ্তম শ্ৰেণীত আহি পৰিছিল জ্যামিতি আৰু ইয়েই আমাৰ জীৱনৰ এটা মোৰ বা 'টাৰ্ণ' বুলি ক'ব পাৰি।[১]
- অষ্টম শ্ৰেণী আহি পাইছিলোঁ। কিয় জানো জ্যামিতিৰ সংজ্ঞা আৰু সূত্ৰই আমাৰ মনোজগতত এক কাৰিকৰী-সৌন্দৰ্য আৰু নান্দনিকতাৰ ৰেশ বিয়পাই দিছিল। উপপাদ্যৰ প্ৰমাণৰ মাজত সোমাই ৰোৱা যুক্তিৰ শৃংখলাখিনিয়ে আৰু সাধাৰণ জনজীৱনৰ বোধাত্মক ভাৱ-চিন্তাসমূহে মিলি এক খেলিমেলি আনি নিদিয়াও নহয় পিছে। [১]
- আজিও মনত পৰে কেনেকৈ স্কুল ছুটী হোৱাৰ পাছত আমি দুজন বন্ধুৱে আলিবাটৰ কাষতে পোৱা ‘চিনপৰা ভিঠি’ৰ সমুখত আলিবাটতে বহি লৈ থকা চকমাটিৰে জ্যামিতিৰ চিত্ৰ আঁকি চিন্তা কৰিছিলোঁ – একোটা জ্যামিতিৰ অনুশীলনী।[১]
- জ্ঞানান্বেষণ কোনো চৌখিনতা নহয় যে – ই প্ৰাণৰ কথা! জ্ঞানান্বেষণ আমাৰ এক তেজত প্ৰবাহিত হৈ থকা স্বভাৱ।[১]
- নিজৰ বাবে লাগতিয়ালখিনিকে ভালকৈ শিকাতো কিমান যে প্ৰয়োজনীয়! [১]
- নিজকে ফাঁকি দিয়েই আমি আমাৰ সমাজ, পৰিৱেশ আৰু ঘৰখন বিপথে পৰিচালিত কৰোঁ। [১]
- পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই সেইখিনিত নম্বৰ লোৱা আৰু ‘সৃষ্টিশীলতা’ এই দুই পূৰা ভিন্ন বিষয়! [১]
- গাণিতিক সূক্ষ্ম-বিশ্লেষণ কোনো কিতাপ পঢ়ি অনা কথা নহয়! ই ব্যক্তি বিশেষৰ এক চাৰিত্ৰিক-বৈশিষ্ট্যহে![১]