ক্ষীৰধৰ বৰুৱা

অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক

ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি ‘বিজ্ঞান জেউতি’, ৰসায়ন শিক্ষা আদি আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেখতেক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি এছ চি’ উপাধি প্ৰদান কৰে৷[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. মোৰ দৃষ্টিত সৰল অৰ্থত, যি বিশ্বাসৰ বৈজ্ঞানিক ভিত্তি নাই, সেয়ে অন্ধবিশ্বাস (superstition)৷[]
  2. বিজ্ঞানী আৰু বিজ্ঞান জগতৰ অন্ধবিশ্বাসমূলক কাম-কাজেও কেতিয়াবা জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে৷[]
  3. নাটক প্ৰদৰ্শনো অন্ধবিশ্বাসৰ বিপৰীতে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰৰ উত্তম মাধ্যম হ’ব পাৰে৷[]
  4. ব্যক্তিগতভাৱে, ধৰ্মীয় ধ্যান-ধাৰণা আৰু ঈশ্বৰ বিশ্বাসৰ ওপৰত মোৰ কোনো আস্থা নাই৷[]
  5. ঈশ্বৰ আৰু ধৰ্মবিশ্বাস যুক্তিবাদ বা বিজ্ঞান-মনস্কতাৰ পৰিপন্থী বুলি অনুভৱ কৰোঁ৷[]
  6. অসমত বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ তুলনাত বিজ্ঞান লেখকৰ সংখ্যা বঢ়া নাই৷[]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "সাহিত্যিক ক্ষীৰধৰ বৰুৱালৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি এছ চি উপাধি প্ৰদান", ১৪-২-২৪,.পৃষ্ঠাসমূহ. ৭. আহৰণ কৰা হৈছে 14 February 2024.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ক্ষীৰধৰ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ-(সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা). আহৰণ কৰা হৈছে: 25 মে' 2024.

সাঁচ:অসমৰ প্ৰসিদ্ধ ব্যক্তি