কৃষ্ণকান্ত সন্দিকৈ

লেখক, সংস্কৃত ভাষাৰ পণ্ডিত আৰু শিক্ষাবিদ

কৃষ্ণকান্ত সন্দিকৈ (ইংৰাজী: Krishna Kanta Handique; ১৮৯৮-১৯৮২) অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখেতৰ দখল আছিল। শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত', সোমদেৱৰ 'যশস্তিলক' আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰে। ন বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা পালন কৰা সন্দিকৈ মাত্ৰ ৩৯ বছৰ বয়সত ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতিও নিৰ্বাচিত হৈছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ কেটেলগ বা যাদুঘৰ নহয়। নিৰ্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি পিটি ল’লেহে প্ৰকৃত সাহিত্যৰ সৃষ্টি হয়।[১]
  2. সকলো কামতে পৰিকল্পনাহে আচল কথা৷ সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়৷[২]
  3. নিৰ্দোষিতা সকলো আনন্দ আৰু সুখৰ মূল৷[২]
  4. জীৱনৰ সময় বৰ কম৷ পঢ়িলে ভাল কিতাপ পঢ়িবা আৰু লিখিবা৷[৩]
  5. সামাজিক আৰু জাতীয় অভিজ্ঞতা, গোটেই জীৱন অভিজ্ঞতা ব্যাপক, বিস্তীৰ্ণ আৰু বৈচিত্ৰ্যপূৰ্ণ হ'লেহে আহল-বহল সাহিত্যৰ সৃষ্টি আৰু বিকাশ হয়৷[৪]
  6. সাহিত্যহীন সমাজ পঙ্গু আৰু বৰ্বৰ আৰু সমাজৰ লগত সম্পৰ্ক নথকা সাহিত্য ক্ষীণ আৰু দুৰ্বল৷[৫]
  7. বাস্তৱতে মানসিক, আধ্যাত্মিক, সামাজিক, ৰাজনৈতিক,ব্যক্তিগত-এনে কোনো অভিজ্ঞতা নাই যি সাহিত্যৰ অন্তৰঙ্গ হোৱা নাই৷ সপোনৰ ছঁয়াময়া অভিজ্ঞতাৰও সাহিত্যৰ আকৰ্ষণ শক্তিৰ বশ হৈছে৷[৬]
  8. সাহিত্যৰ উন্নতিয়েই জাতিৰ উন্নতি৷[৭]

উৎস সম্পাদনা কৰক

  1. অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৭ জানুৱাৰী, ২০২২
  2. ২.০ ২.১ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  3. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
  4. সোণসেৰীয়া কথা, সংগ্ৰাহক: দেৱেন শইকীয়া,মিছিছিপি প্ৰকাশন, নৱেম্বৰ ২০১২
  5. সোণসেৰীয়া কথা, সংগ্ৰাহক: দেৱেন শইকীয়া,মিছিছিপি প্ৰকাশন, নৱেম্বৰ ২০১২
  6. সোণসেৰীয়া কথা, সংগ্ৰাহক: দেৱেন শইকীয়া,মিছিছিপি প্ৰকাশন, নৱেম্বৰ ২০১২
  7. (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।

বাহ্যিক সংযোগ সম্পাদনা কৰক