ৰঞ্জু হাজৰিকা

অসমীয়া সাহিত্যিক
(কুমুদ চন্দ্ৰ হাজৰিকাৰ পৰা পুনঃনিৰ্দেশিত)

ৰঞ্জু হাজৰিকা (ইংৰাজী: Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. আত্মাৰ মৃত্যু নাই, সৌমাৰ। সাপে নিজৰ দেহৰ মোট সলোৱাৰ দৰে আত্মায়ো আৱশ্যক অনুসৰি দেহাৰ পৰিৱৰ্তন ঘটায়। সেয়াই হৈছে পূৰ্বজন্ম। চুখামৰ আত্মা এই সংসাৰত এতিয়াও একেদৰেই আছে। দেহাটোৰ পৰিৱৰ্তন ঘটিছে কেৱল, কিন্তু আত্মা একেটাই আছে। অঙ্গদেই পিছৰ যুগত ব্যাধ হৈ কৃষ্ণৰূপী পিতৃহন্তা ৰামচন্দ্ৰক হত্যা কৰিছিল। সেইদৰে অম্বাই ভীষ্মৰ ওপৰত প্ৰতিশোধ ল’বলৈ পিছৰ জন্মত শিখণ্ডী হৈ জন্মলাভ কৰিছিল।[]
  2. মানুহৰ মৃত্যুৰ লগে লগে আত্মা পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যায়৷।[]
  3. মুক্তি দুই ধৰণৰ। লৌকিক মুক্তি আৰু বিদেহ মুক্তি। যেতিয়া আত্মাই পুনৰ জন্ম নলয়, তেতিয়া তাক বিদেহ মুক্তি বুলি কোৱা হয়।[]
  4. কোনো ব্যক্তিক তেওঁৰ পৰিচয় সুধিলে তেওঁ প্ৰথমে নিজৰ নামটো কয়। কিন্তু নামটোৱেই ব্যক্তি নহয়। নামৰ দ্বাৰা তেওঁৰ শৰীৰটোহে নিৰ্দেশিত হয়। নিজকে শৰীৰ বুলি ধৰি লৈহে তেওঁ নিজৰ আয়ুস আৰু অন্য ব্যক্তিৰ লগত পুত্ৰ, মিত্ৰ আদি সম্বন্ধেৰে নিজৰ পৰিচয় দিয়ে। ‘মই শৰীৰ’'— এই নিশ্চিতবোধ সকলোৰে আছে। কিন্তু এই ধাৰণা সত্য জানো? যদি মই শৰীৰেই হয়, তেনেহ’লে কেনেধৰণৰ অথবা কোনটো শৰীৰ? কিয়নো জন্মৰ পৰা এতিয়ালৈকে শৰীৰে অনেক ৰূপ সলালে। শিশুকালত যিটো শৰীৰ আছিল, সেই শৰীৰ চেমনীয়া অৱস্থাত নাই। পুনৰ যুবা অৱস্থাত শৰীৰ সলনি হয়। শৰীৰ পৰিৱৰ্তনৰ লগে লগে পূৰ্বৰ ‘মই’টো নষ্ট হৈ যোৱা কথাও সম্ভৱ নহয়।[]
  5. ‘মই’ হৈছে নিত্য, সৎ আৰু শৰীৰ হৈছে অনিত্য, অসৎ। পঞ্চভূতেৰে গঠিত আমাৰ এই শৰীৰ হৈছে জড়, চেতনাহীন।[]
  6. কাল বৰ নিষ্ঠুৰ। ই কালৈকো ৰৈ নাথাকে। দুৰ্দান্ত ইয়াৰ গতি, নিষ্ঠুৰ ইয়াৰ আচোঁৰ। তোৰ মৰমী চুচান সময়ৰ চিকাৰ হৈছে।[]
  • হাজৰিকা, ৰঞ্জু (2009)। তোমাৰ ওঁঠৰ ৰূপালী জোনাকত। জ্যোতি প্ৰকাশন।

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: