কাজী নজৰুল ইছলাম
কাজী নজৰুল ইছলাম (ইংৰাজী: Kazi Nazrul Islam; মে' ২৪, ১৮৯৯ – আগষ্ট ২৯, ১৯৭৬) আছিল বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত। তেওঁ বঙালী ভাষাৰ অন্যতম সাহিত্যিক, দেশপ্ৰেমী আৰু বাংলাদেশৰ জাতীয় কবি।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- অভাৱৰ দিনত এজন প্ৰিয় অতিথিৰ আগমনতকৈ বেছি বেদনাদায়ক একোৱেই নাই। কেৱল হৃদয়েৰে দেৱতাক পূজা কৰা সম্ভৱ, কিন্তু অতিথিক কেৱল হাতেৰে আদৰি লোৱাটো সম্ভৱ নহয়।[১]
- মোৰ দৃষ্টিত পুৰুষ-মহিলাৰ মাজত কোনো পাৰ্থক্য নাই। পৃথিৱীৰ সকলো চিৰ-কল্যাণকামী মহান সৃষ্টিৰ আধা নাৰীয়ে, আধা পুৰুষে কৰিছে।[১]
- যদি কপালত সুখ লিখা নাথাকে, তেন্তে কপালখন শিলত খুন্দিয়াই থাকিলেও কোনো লাভ নাই। কপালখন যথেষ্ট ফুলিহে উঠে, কিন্তু সৌভাগ্য অলপো খোল নাখায়।[২]
- আমি সকলোৱে পাপী, নিজৰ পাপৰ জোখ-মাখৰে আনৰ পাপ জুখিছো।[২]
- মই এই দেশত এই সমাজত জন্ম লৈছো বাবে কেৱল এই দেশৰে নহয়, এই সমাজৰে নহয়। মই সকলো দেশৰ সকলো মানুহৰ অন্তৰ্গত।[২]
- জীৱ-জন্তুৰ দৰে সংখ্যাগৰিষ্ঠ হৈ কি লাভ, যদি আমাৰ গৌৰৱ কৰিবলগীয়া একোৱেই নাই।[২]
- বাহিৰৰ স্বাধীনতা নাইকিয়া হৈছে কাৰণে অন্তৰৰ স্বাধীনতা যেন বিসৰ্জন নিদিওঁ।[২]
- মোক মছজিদৰ কাষতে কবৰ দিবা ভাই, যাতে মাটিৰ তলৰ পৰাও মুজ্জিনৰ আজান শুনিব পাৰো।[২]
- অসৎ মাতৃৰ পুত্ৰ যদি জাৰজ হয়, তেন্তে অসৎ পিতৃৰ পুত্ৰও জাৰজ।[১]
- যিজনৰ নিজৰ ধৰ্মত বিশ্বাস আছে তেওঁ আনৰ ধৰ্মক ঘৃণা কৰিব নোৱাৰে।[উৎসৰ প্ৰয়োজন]
- যদি সত্যই লক্ষ্য, সৌন্দৰ্য্য আৰু মঙ্গলৰ সৃষ্টি এটা ব্ৰত, তেন্তে তেওঁৰ লেখাই সন্মান লাভ কৰিবই কৰিব।[২]
- কামনা আৰু প্ৰেম সম্পূৰ্ণ বেলেগ। কামনা মাথোঁ এক প্ৰবল সাময়িক উত্তেজনা আৰু প্ৰেম ধীৰ প্ৰশান্ত আৰু চিৰন্তন।[২]
- যেতিয়া এজন পুৰুষ প্ৰেমত পৰে তেতিয়া তেওঁ হাজাৰ বছৰ জীয়াই থাকিব বিচাৰে। আৰু যেতিয়া ই বিফল হয়, তেতিয়া প্ৰতি মুহূৰ্ততে মৃত্যুৰ কামনা কৰে।[উৎসৰ প্ৰয়োজন]
- ভালপোৱাৰ কোনো অৰ্থ বা পৰিমাণ নাই।[২]
- সৰু সৰু বিচ্ছেদে প্ৰেমক গভীৰ কৰি তোলে আৰু দীঘলীয়া বিচ্ছেদে প্ৰেমক হত্যা কৰে।[১]
- সত্যক অস্বীকাৰ কৰি ভণ্ডামিৰে মংগল উৎসৱৰ কল্যাণকামী প্ৰদীপ কেতিয়াও জ্বলাব নোৱাৰি।[২]
- যিজনে জুই জ্বলাইছে তেওঁ নাজানে যাক জ্বলাইছে তেওঁৰ বুকুৰ কিমান অংশ জ্বলিছে।[উৎসৰ প্ৰয়োজন]
- মৃত্যুৰ যন্ত্ৰণাতকৈ দুখৰ যন্ত্ৰণা কিমান কঠিন, কিমান ভয়ংকৰ সেয়া কেৱল ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে।[২]
কাজী নজৰুল ইছলাম সম্পৰ্কে
সম্পাদনা কৰক- কবি নজৰুলে যি সপোন দেখিছিল সেয়া কেৱল তেওঁৰ নিজৰ সপোনেই নহয় সমগ্ৰ বঙালী জাতিৰ সপোন আছিল।