কমলাকান্ত ভট্টাচাৰ্য

কমলাকান্ত ভট্টাচাৰ্য্য (ইংৰাজী: Kamalakanta Bhattacharya ; ১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক 'অগ্নিকবি' বুলি অভিহিত কৰা হয়। ৰাজনৈতিক ভাৱাদৰ্শৰ দিশৰ পৰা তেখেত ঘোৰ জাতীয়তাবাদী আছিল। তেখেতে ১৮৭১ চনত বঙালী ভাষাক অসমৰ চৰকাৰী ভাষা সজোৱাৰ প্ৰতিবাদ কৰিছিল। ১৮৮৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনত তেখেতে অসমৰ হৈ অংশ লৈছিল। ১৯২৯ চনত তেখেত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯২৯ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল।[][] তেখেতে মহিলাৰ শিক্ষাৰ হকে মাত মতাৰ লগতে ১৯০৫-০৬ চনত স্বদেশী আন্দোলনত ভাগ লৈছিল।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. আসামৰ সমান মূৰ্খ দেশ ক’তো নাই৷ ইয়াৰ ঘাই কাৰণ এই দেশত মাতৃভাষাৰ সাহিত্যৰ উন্নতি হোৱা নাই৷[]
  2. সঁচা দোষখিনি দেখুৱাই দিলেই যদি শত্ৰু হবলগা হয়, তেন্তে মিত্ৰ হৈ থকাতকৈ শত্ৰু হৈ থকা বৰং উপকাৰহে।[]
  3. ভাষাৰ বাপেক ভাব আৰু ককায়েক হ’ল জ্ঞান।[]
  4. আমাৰ নিজৰ ভিতৰত কৰা জাতৰ অহংকাৰ আৰু বিদেশীৰ ওচৰত ভয়ত বিহ্বল হৈ কুকুৰৰ দৰে লেউ সেউ হোৱা স্বভাৱটি গুচিলেই আমি মানুহ হ’ব পাৰোঁ৷[]
  5. যি মানুহে দৰ্শন শাস্ত্ৰ নপঢ়ে তেওঁৰ আচলতে একোৱেই পঢ়া হোৱা নাই৷ তেওঁ জন্তুৰ দৰে পৃথিৱীত মিছাকৈয়ে ভাৰ লৈ থাকিবলৈ আহিছে৷[]
  6. সাহিত্যিকসকল যে প্ৰায়েই দৰিদ্ৰ তাক অনেক দেশেই প্ৰমাণ কৰে, কিন্তু দেশৰ মংগলসাধক সাহিত্যিকসকলেই জাতি গঠন কৰে৷[]
  7. কেৱল মানুহে নিজৰ নিমিত্তে জীৱন ধৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে৷[]
  8. প্ৰকৃতিৰ নিয়মেই হৈছে, সামঞ্জস্য, সকলো সমান হৈ থাকিব লাগে৷ গছ বাঢ়ি লগৰ গছবোৰতকৈ ওখ হ’লেও তাক বতাহে ভাঙি পেলায়৷[]
  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. Asam Sahitya Sabha is the foremost and the most popular organization of Assam. প্ৰকাশক: Vedanti.com. Archived from the original on 2013-09-26. আহৰণ কৰা হৈছে: 2013-05-16.
  3. (2006) Brahmo Samaj and North-East India - Dipankar Banerjee - Google Books। Books.google.co.in। ISBN: 9788179751763। আহৰণ কৰা হৈছে: 2013-05-15।
  4. গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
  5. ৫.০ ৫.১ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৭ জানুৱাৰী, ২০২২
  6. এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
  7. ৭.০ ৭.১ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:১৪২, ৩৫৩।
  8. ৮.০ ৮.১ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।

বাহ্যিক সংযোগ

সম্পাদনা কৰক