কথা-গীতা

বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য ৰচিত গ্ৰন্থ

কথা-গীতা মদ্ভাগৱত গীতাৰ বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা চমুকৈ ভট্টদেৱে কৰা অসমীয়া গদ্য ভাঙনি। ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। তেওঁ ৰচনা কৰা তিনিখন গদ্যধৰ্মী গ্ৰন্থ কথা-ভাগৱত, কথা-গীতা আৰু কথা-ৰত্নাৱলীৰ ভিতৰত কথা-গীতাৰ ৰচনা ৰীতি অতি সৰল আৰু ঘৰুৱা কথাৰ বেছি ওচৰ চপা।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. যেন মনুষ্যে জীৰ্ণবস্ত্ৰক পৰিত্যাগ কৰি, নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰাণ দেহক এড়ি, নবীন দেহক স্বীকাৰ কৰে; কৰ্ম্মনিবন্ধন নূতন দেহ অৱশ্যে হৈব। জীৰ্ণ দেহনাশত শোক কৰিতে নালাগে। এই আত্মাক অস্ত্ৰেয়ো নাকাটে, অগ্নিয়ো নদহে, জলেয়ো কোমল নকৰে, বায়ুয়ো নুশুখাৱে।[১]
  2. স্বৰূপত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিয়ো নহয়; এতেকে শৰীৰ নষ্ট হৈলে, আত্মাৰ নাশ নাই।[১]
  3. যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক: স্থিতপ্ৰজ্ঞ বুলি। আৰো তাৰ কিছো লক্ষণ শুনা, দুষ্‌খতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে, কাহাতো প্ৰীতি ভয় নকৰে, এমনে স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে।[১]

উত্‍স সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ ৰচনা- ভট্টদেৱ, সম্পাদনা- পণ্ডিত শ্ৰীযুক্ত হেমচন্দ্ৰ দেৱগোস্বামী (১৮৪৫ শক). কথা-গীতা, ২য় অধ্যায়. প্ৰকাশক: শ্ৰীশৰৎচন্দ্ৰ গোস্বামী. আহৰণ কৰা হৈছে: 6 January 2022.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: