এ চুইটেবল বয় (ইংৰাজী: A Suitable Boy) হৈছে ১৯৯৩ চনত প্ৰকাশিত বিক্ৰম শেঠৰ এখন উপন্যাস। ১,৩৪৯ পৃষ্ঠাৰ (পেপাৰবেকত ১,৪৮৮ পৃষ্ঠা) থকা ইংৰাজী ভাষাৰ কিতাপখন এটা খণ্ডত প্ৰকাশিত দীৰ্ঘতম উপন্যাসসমূহৰ ভিতৰত অন্যতম।

উপন্যাসখনৰ পটভূমি স্বাধীনতাৰ পৰৱৰ্তী কালৰ বিভাজনৰ পিছৰ ভাৰত। উপন্যাসখনে ১৮ মাহত চাৰিটা পৰিয়ালৰ কথা বৰ্ণনা কৰিছে। শ্ৰীমতী ৰূপা মেহৰাৰ কনিষ্ঠ জীয়ৰি লতাৰ বিবাহৰ ববে "উপযুক্ত ল'ৰা" এজনৰ সন্ধান কৰাৰ প্ৰচেষ্টাৰ ওপৰত কাহিনীটো কেন্দ্ৰীভূত। লতা এগৰাকী ১৯ বছৰীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু তেওঁ নিজৰ অনুশাসনকাৰী মাতৃ বা ভ্ৰাতৃ অৰুণৰ দ্বাৰা প্ৰভাৱিত হ'বলৈ অস্বীকাৰ কৰে। কাহিনীটো লতাৰ প্ৰেমিক কবীৰ, হৰেশ আৰু অমিতৰ মাজত বাছনি কৰিবলৈ বাধ্য হোৱাৰ বিষয়ত কেন্দ্ৰীত।

উদ্ধৃতি সম্পাদনা কৰক

  • কেইবাটাও কথা ভাবি চাওকচোন। নিজৰ সুখ কেতিয়াও এজন ব্যক্তিৰ ক্ষমতাত নাৰাখিব। নিজৰ প্ৰতি ন্যায়পৰায়ণ হওক।[১]
  • ইমান দুখেৰে ভৰা জীৱনৰ পিছত যিকোনো মানুহ কঠোৰ হৈ পৰিব।[১]
  • জীৱনসংগী নোহোৱা মানুহ হয় দেৱতা নহয় জন্তু।[১]
  • প্ৰতিটো বস্তুৱে নিজৰ উপযুক্ত স্থান পাবলৈ চেষ্টা কৰে। এখন কিতাপে নিজৰ প্ৰকৃত প্ৰশংসকৰ ওচৰত থাকিব বিচাৰে। তেনেকৈয়ে এই অসহায় মথটোৱে তাক মোহিত কৰা মমবাতিটোৰ ওচৰত থাকিবলৈ বিচাৰে।[২]
  • কেতিয়াবা মই যিবোৰ কথাৰ প্ৰতি কম গুৰুত্ব দিওঁ সেইবোৰৰ বিষয়েই আটাইতকৈ ভালকৈ লিখোঁ।[২]
  • মই আন এটা মাত অনুসৰণ কৰিবলৈ শিকিছোঁ, অকলশৰীয়া হ’বলৈ আৰু কথাবোৰ বুজিবলৈ শিকিছোঁ - হয়তো অকলে থাকিবলৈ আৰু ভুল বুজাবুজি হ’বলৈকো শিকিছোঁ।[২]

উৎস সম্পাদনা কৰক

  1. ১.০ ১.১ ১.২ A Suitable Boy Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 4 ছেপ্টেম্বৰ 2022.
  2. ২.০ ২.১ ২.২ https://www.goodreads.com/work/quotes/1651078-a-suitable-boy

বাহ্যিক সংযোগ সম্পাদনা কৰক