উদ্ধৱ ভৰালী

অসমৰ বিজ্ঞানী তথা উদ্ভাৱক

উদ্ধৱ ভৰালী হৈছে বিশ্বৰ এজন আগশাৰীৰ অসমীয়া উদ্ভাৱক, বিজ্ঞানী তথা অভিযন্তা।[১] তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. আচলতে ক’বলৈ গ’লে মোৰ ভবা-চিন্তা কৰা প্ৰক্ৰিয়াটো অতি সাধাৰণ। কিছুমান সৰু সৰু ক্ষেত্ৰত অভাৱ লক্ষ্য কৰিলেই মোৰ মনত মেচিন এটি নিৰ্মাণ কৰাৰ কথা জাগ্ৰত হয়। মই যেতিয়া অলিয়ে-গলিয়ে, ৰাস্তাই-ঘাটে ঘূৰি ফুৰো, তেতিয়া অনবৰতেই মোৰ উদ্ভাৱনী সত্বা জাগ্ৰত হৈ থাকে।[২]
  2. আচলতে প্ৰেৰণা মানুহৰ ভিতৰৰ পৰা আহিব লাগে। তেতিয়া মানুহক কোনো পৰিস্থিতিয়ে টলাব নোৱাৰে।[২]
  3. মোৰ একমাত্ৰ উদ্দেশ্যটোৱে হৈছে মেচিনেৰে মানুহৰ জীৱনযাত্ৰা সুচল কৰি তোলাৰ লগতে ভাত-কাপোৰৰ সমস্যাটোৱো কিছুপৰিমাণে সমাধান কৰা।[২]
  4. মোৰ বোধেৰে এজন ভাল অভিযন্তাৰ বাবে তাত্বিক জ্ঞানতকৈ প্ৰায়োগিক জ্ঞানৰহে বেছি প্ৰয়োজন। কেতিয়াবা Theory মতে Practical য়ে কামো নিদিয়ে। গতিকে পাঠ্যক্ৰমত যদি প্ৰথমতে Practical ক গুৰুত্ব দিয়া হয়, তেন্তে Theory টো automatically আয়ত্ত্বলৈ আহি যাব।[২]
  5. এটা কথা ভাবিলে মোৰ যথেষ্ট আচৰিত লাগে। ৰাস্তাত বহি ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন সময় পাৰ কৰিবলৈ মানুহবোৰে সময়বোৰ পায় ক’ত![২]
  6. নিজৰ দেউতাকে কৰা দুৰ্নীতিক যদি সন্তানটোৱে আঙুলিয়াই দিয়ে, তেন্তে মোৰ দৃঢ় বিশ্বাস এদিন হ’লেও দুৰ্নীতিৰ গতি কিছু পৰিমাণে স্তিমিত হ’ব। দেউতাকে বাইকখন দিলে সন্তানটিয়ে প্ৰশ্ন কৰা প্ৰয়োজন, বোলে তুমি পইচা পালা ক’ত?[২]
  1. AMAZING: Meet the Indian engineer with 98 INNOVATIONS!. প্ৰকাশক: Rediff India (2012-07-16).
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ দীক্ষিতা শৰ্মা, ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য (১১ মাৰ্চ ২০১৪). "“আচলতে প্ৰেৰণা মানুহৰ ভিতৰৰ পৰা আহিব লাগে। তেতিয়া মানুহক কোনো পৰিস্থিতিয়ে টলাব নোৱাৰে।” – উদ্ধৱ ভৰালী". গণিত চ'ৰা. Archived on ২০১০; no |archiveurl= specified .