ছাৰ উইনষ্টন লিঅনাৰ্ড স্পেন্সাৰ চাৰ্চিল (৩০ নৱেম্বৰ ১৮৭৪ – ২৪ জানুৱাৰী ১৯৬৫) এজন ব্ৰিটিছ ৰাজনীতিবিদ আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, ১৯৪০ চনৰ পৰা ১৯৪৫ চনলৈ আৰু পুনৰ ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। যদিও চাৰ্চিল প্ৰধানমন্ত্ৰী হিচাপে যুদ্ধকালীন নেতৃত্বৰ বাবে সৰ্বাধিক জনাজাত, তেওঁ এজন চেণ্ডহাৰ্ষ্ট-শিক্ষিত সৈনিক, নবেল বঁটা বিজয়ী লেখক তথা ইতিহাসবিদ আৰু চিত্ৰশিল্পী। তেওঁ ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজনীতিবিদসকলৰ মাজৰ এজন আছিল। ১৯২২ চনৰ পৰা ১৯২৪ চনৰ বাহিৰেও, তেওঁ ১৯০০ চনৰ পৰা ১৯৬৪ চনলৈ সাংসদ আছিল আৰু মুঠ পাঁচটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। আদৰ্শগতভাৱে এজন অৰ্থনৈতিক উদাৰবাদী আৰু সাম্ৰাজ্যবাদী, তেওঁ নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় কনজাৰ্ভেটিভ পাৰ্টিৰ সদস্য আছিল আৰু ১৯৪০ চনৰ পৰা ১৯৫৫ চনলৈ দলটোক নেতৃত্ব দিছিল। তেওঁ ১৯০৪ চনৰ পৰা ১৯২৪ চনলৈ লিবাৰেল পাৰ্টিৰ সদস্যও আছিল।

উইনষ্টন চাৰ্চিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাতকৈ অৰ্থহীন কথা আৰু একো নাই। কাৰণ তাৰ পৰা আমি হেৰুৱাওঁ আমাৰ বৰ্তমানক।[১]
  2. মানুহে তাৰ জীৱন কৰ্ম বা চিন্তাৰ স'তে জড়িত কৰিব লাগিব। কৰ্ম অবিহনে ক্ৰীড়া থাকিব নোৱাৰে।[২]
  3. উদ্ধৃতি যেতিয়া স্মৃতিত ভালদৰে প্ৰতিফলিত হয়, তেতিয়া মনত সৎচিন্তাৰ উদয় হয়।[২]
  4. দায়বদ্ধতা হ'ল মহানতাৰ মূল্য।[উৎসৰ প্ৰয়োজন]
  5. মই গান্ধীৰ ওচৰত এনে আত্মসমৰ্পনৰ বিপক্ষে৷ লৰ্ড আৰউইন আৰু গান্ধীৰ মাজত হোৱা এই আলোচনা আৰু চুক্তিবিলাকৰ মই বিপক্ষে৷ গান্ধীয়ে বৃটেইনক ভাৰতৰ পৰা বহিষ্কাৰৰ বাবে সষ্টম৷ গান্ধীয়ে বিচাৰে, ভাৰতত বৃটিছ শাসনৰ ঠাইত ব্ৰাহ্মণৰ প্ৰভূত্ব স্থাপন কৰিবলৈ৷[৩]

উৎস সম্পাদনা কৰক

  1. নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট, ২০২১
  2. ২.০ ২.১ এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা
  3. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ৪০

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w: