আনে' ফ্ৰাংক
ইহুদী ডায়েৰিষ্ট আৰু হ'ল'কাষ্টৰ বলি হোৱা লোক (১৯২৯–১৯৪৫)
আনে’ ফ্ৰাংক (ইংৰাজী: Anne Frank; ১২ জুন ১৯২৯ – ফেব্ৰুৱাৰী বা মাৰ্চ ১৯৪৫) আছিল ইহুদী জাতিৰ ঐতিহ্য বহনকাৰী এগৰাকী জাৰ্মান-ওলন্দাজ দিনপঞ্জী লেখিকা। ইহুদী নিধনযজ্ঞৰ বলি হোৱা লোকসকলৰ ভিতৰত সবাতোকৈ চৰ্চিত নামবোৰৰ অন্যতম হৈছে আনে' ফ্ৰাংক। ১৯৪৭ চনত প্ৰকাশ পোৱা 'দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল' (প্ৰথমে ওলন্দাজ ভাষাত 'Het Achterhuis' নামেৰে কিতাপখন প্ৰকাশ পাইছিল, যাৰ ইংৰাজী ভাষাত অৰ্থ The Secret Annex) গ্ৰন্থৰ বাবে তেওঁ মৰণোত্তৰভাৱে বিশ্বজোৰা খ্যাতি লাভ কৰে। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে নেডাৰলেণ্ডছ দখল কৰাৰ পাছত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ গোপনে কটোৱা কালছোৱাৰ বিষয়ে তেওঁ এই দিনলিপিত বৰ্ণনা কৰিছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- যি সুখী, তেওঁ আনকো সুখী কৰিব পাৰে৷[১]
- মোৰ নিচিনা মানুহৰ বাবে দিনপঞ্জীত লিখিবলৈ লোৱাটো বৰ আচহুৱা অভ্যাস। মই যে পূৰ্বে কাহানিও লিখি পোৱা নাই, সেয়াই নহয়; এইটো কথাও মোৰ মনলৈ আহিছে যে মই নিজে, বা আন কোনেও তেৰ বছৰীয়া স্কুলীয়া ছোৱালী এজনীৰ চিন্তাধাৰাক পাছলৈ গুৰুত্ব নিদিব।[২]
- মৃত্যুৰ পাছতো মই জীয়াই থাকিব বিচাৰোঁ! আৰু সেইবাবেই এই উপহাৰটো দিয়া বাবে মই ঈশ্বৰৰ ওচৰত অতি কৃতজ্ঞ, যাক মই নিজৰ বিকাশৰ বাবে আৰু মোৰ ভিতৰত থকা সকলোখিনি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ! (৫ ফেব্ৰুৱাৰী, ১৯৪৪)[২]
- এয়া এক কঠিন সময়: আমাৰ মাজত আদৰ্শ, স্বপ্ন আৰু প্ৰত্যাশা জাগি উঠে; কিন্তু সকলোবোৰ নিৰ্দয় বাস্তৱৰ ওচৰত চূৰমাৰ হৈ পৰে। আচৰিত কথা যে মই এতিয়াও মোৰ সকলো নীতি-আদৰ্শ পৰিত্যাগ কৰা নাই, সেইবোৰ এতিয়া বৰ উদ্ভট আৰু অবাস্তৱিক যেন লাগে। তথাপি মই সেইবোৰ খামুচি ধৰি আছোঁ, কাৰণ ইমানখিনিৰ পাছতো মই এতিয়াও বিশ্বাস কৰোঁ যে মানুহ অন্তৰৰ পৰা প্ৰকৃততে সৎ। মোৰ জীৱনটোক ভীষণ বিশৃংখলা, যাতনা আৰু মৃত্যুৰ ভেটিত গঢ় দিয়াটো মোৰ বাবে সম্পূৰ্ণ অসম্ভৱ কথা। এনে লাগে যেন পৃথিৱীখন ধীৰে ধীৰে মোৰ বাবে অচিন হৈ পৰিছে, মই ওচৰ চাপি অহা বজ্ৰৰ শব্দ শুনা পাওঁ, যিয়ে এদিন আমাকো ধ্বংস কৰিব। মই লক্ষ লক্ষ মানুহৰ যাতনা অনুভৱ কৰোঁ। কিন্তু তাৰপিছতো, যেতিয়া মই আকাশৰ পিনে মূৰ তুলি চাওঁ, মোৰ অনুভৱ হয় যে পৰিস্থিতি এদিন উন্নত হ'ব, ক্ৰূৰতাৰ অন্ত পৰিব, পুনৰায় শান্তি ঘূৰি আহিব। সেই দিন অহালৈকে মই মোৰ আদৰ্শক ধৰি ৰাখিব লাগিব। হয়তো এদিন সেই দিন ঘূৰি অহা মই দেখিবলৈ পাম! (১৫ জুলাই, ১৯৪৪)
- মই এটা কথা শিকিছোঁ: আপুনি কাজিয়া লগাৰ পাছতহে মানুহ এজনক জানিব পাৰে। কেৱল তাৰপিছতহে আপুনি তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ বিচাৰ কৰিব পাৰে!
- মানুহে তোমাক মুখ বন্ধ কৰি থাকিবলৈ ক'ব পাৰে, কিন্তু তাৰ দ্বাৰা তোমাৰ নিজস্ব মতামতটো নোহোৱা হৈ নাযায়। আনকি মানুহজন অতি কম বয়সীয়া হ'লেও, তেওঁলোকক তেওঁলোকৰ চিন্তাধাৰা প্ৰকাশ কৰাত বাধা দিয়া অনুচিত। (২ মাৰ্চ, ১৯৪৪)
- এলাহ আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু একমাত্ৰ কামেহে তোমাক প্ৰকৃত সন্তুষ্টি দিয়ে। (৬ জুলাই, ১৯৪৪)
- পিতৃ-মাতৃয়ে কেৱল ভাল পৰামৰ্শ দিব পাৰে বা সঠিক পথ দেখুৱাব পাৰে, কিন্তু এজন ব্যক্তিৰ চৰিত্ৰৰ চূড়ান্ত ৰূপ নিৰ্ভৰ কৰে তেওঁৰ নিজৰ ওপৰত। (১৫ জুলাই, ১৯৪৪)
- মই নিজকে নিয়োজিত কৰি ৰাখিবলৈ স্বামী আৰু সন্তানৰ বাহিৰেও আন কিবাৰ প্ৰয়োজন! বেছিভাগ মানুহৰ নিচিনাকৈ মই বৃথা জীৱন এটা কটাব নিবিচাৰোঁ। মই কামত আহিব বিচাৰোঁ বা সকলো মানুহৰ, আনকি যিসকলক মই কেতিয়াও লগ পোৱা নাই, তেওঁলোকৰ মাজলৈও সুখ কঢ়িয়াই আনিব বিচাৰোঁ। (৫ ফেব্ৰুৱাৰী, ১৯৪৪)
- আমি সকলোৱে জানো যে উপদেশতকৈ এটা ভাল নিদৰ্শন বেছি ফলদায়ক। গতিকে এটা ভাল নিদৰ্শন দিয়া। তেতিয়া আনেও তাক অনুসৰণ কৰিবলৈ বেছি পলম নকৰিব। (২৬ মাৰ্চ ১৯৪৪)[৩]