আজিৰ মানুহ
আজিৰ মানুহ হিতেশ ডেকাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে ‘আজিৰ মানুহ’ নামৰ এই উপন্যাসখনি স্নাতক শ্ৰেণীৰ পাঠ্য হিচাপে দিছিল।[১]
উদ্ধৃতি
সম্পাদনা কৰক- প্ৰাদেশিকতা যে সঙ্কীৰ্ণতা তাক স্বীকাৰ কৰোঁ; কিন্তু নিজৰ অস্তিত্ব পাহৰি যোৱা টো যে সম্পূৰ্ণ বাতুলতা তাক অস্বিকাৰ কৰোঁ কেনেকৈ?
- অজ্ঞাত শক্তিৰ ওপৰত সকলো দোষ আৰোপ কৰি অগণন হোজা খেতিয়কে যুগে যুগে, বাৰে বাৰে, শত শত লাঞ্ছনা-গঞ্জনা আৰু অত্যাচাৰ সহি আহিছে। মানুহে মানুহৰ ওপৰত কৰা অত্যাচাৰক ভগৱানৰ অভিপ্ৰায় বুলি চিৰকাল মূৰ নত কৰি আহিছে এই হোজা মানুহবোৰে। কোনোদিনে চেষ্টা কৰা নাই তেওঁলোকৰ দুখ ভগৱানৰ অভিপ্ৰেত নে মানুহৰ ইচ্ছাকৃত তাক জানিবলৈ। হায়ৰে অবোধ মানৱ!
- শাস্ত্ৰে কৈছে যে যুৱতী নাৰীৰ সঙ্গত পুৰুষৰ বাস নিষেধ। আনকি জী, ভনীৰ সঙ্গতো থকা অবিধেয়।
- যেতিয়া মানুহে অন্তৰত এটা তীব্ৰ আঘাত পায় তেতিয়া সি আশ্ৰয় লয় ধৰ্মৰ নতুবা আশ্ৰয় লয় সাহিত্যৰ।
- মানুহে এইটো মনত ৰখা উচিত যে মেকুৰীৰ তামচাত ইন্দুৰৰ মৰণ। তাৰ উপৰি কাটিলেও কটাঘাত কলাখাৰ ঘহাটো অমাৰ্জনীয়।
- মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নেলাগে। তাত নিজৰো হয় সময় নষ্ট আৰু মাছৰো হয় মহাকষ্ট।
- মটৰ গাড়ী নাইবা ভাল ঘৰ-বাৰী য'তে ত'তে পোৱা যায় ধন দিলে; কিন্তু মনুষ্যত্ব বোলা বস্তুটো পোৱা নাযায় ধন দিলেই- তাৰবাবে শিক্ষা আৰু সাধনাৰ দৰ্কাৰ।
- তিৰোতাই সকলোৰে লগত বঞ্চিব পাৰে, কেৱল নোৱাৰে অন্যমনস্ক পুৰুষৰ লগত।
- মিলন? আমাৰ মিলন চিৰন্তন। শুনা নীলি, দেহৰ মিলনতো আচল মিলন নহয়। আত্মাৰ মিলনহে আচল মিলন। তোমাৰ মোৰ দেহৰ মিলন হোৱা নাই সঁচা, কিন্তু মই চিৰদিন তোমাৰ আৰু তুমি চিৰদিন মোৰ। এই মিলন মনৰ মিলন-আত্মাৰ মিলন। ই বৰ্হিজগতৰ মিলন নহয়-এই মিলন অন্তৰ্জগতৰ।
- যুগে যুগে মহাপুৰুষে ৰিঙিয়াই কৈছে-অন্যায়ক জয় কৰিবা ন্যায়েৰে। নাৰীক জয় কৰিবা হৃদয়েৰে।
- দেৱতাৰ পূজা অন্তৰেৰে হয় নীলি-বাহিৰত বেল, তুলসী পাত দিলেই নহয়। পূজা কৰা যায় হৃদয়েৰে-শৰীৰৰে নহয়।
উৎস
সম্পাদনা কৰক- ↑ ডেকা, হিতেশ (১৯৫২)। আজিৰ মানুহ। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:২৮,৩২,৬২,৭৫,৭৬,৭৭,৭৮,১৪৬,১৪৭।