অৱনী কুমাৰ ভাগৱতী

অৱনী কুমাৰ ভাগৱতী এগৰাকী অসমীয়া ভূগোলবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।[১] প্ৰকৃতি, নদী,ভূগোল আদি বিষয়ক লৈ তেওঁ কেবাখনো অসমীয়া কিতাপ ৰচনা কৰিছে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. সেই সৰুকালৰ পৰাই মই খেতিয়কক সম্মান কৰোঁ। মই খেতিয়কজনক এগৰাকী চিত্ৰকৰ বা শিল্পী হিচাপে গণ্য কৰোঁ। আমি যেনেকৈ উকা কাগজত পেন বা পেঞ্চিলেৰে ছবি আঁকো, একেদৰে খেতিয়কে নাঙলেৰে পথাৰত ছবি আঁকে। তেওঁলোকে বৃত্ত আকে, আয়তক্ষেত্ৰ আকে আৰু পথাৰত এখন সুন্দৰ চিত্ৰ অঙ্কন কৰে। ছবিখনত আমি ৰঙৰ সমাহাৰ ঘটোৱাৰ দৰে তেওঁলোকেও পথাৰত ৰঙ ব্যৱহাৰ কৰে। সেই যে পথাৰখনৰ বন-বিৰিখ আঁতৰালে, সেয়া যেন আমি ৰবৰডালেৰে কাগজখন মচি লোৱাৰ দৰেই এটি কাৰ্য। পথাৰত বোকা দিয়াত মটীয়া ৰঙৰ হ'ল। সেইয়া পথাৰত ৰঙ আৰম্ভ হৈ গ'ল। পথাৰত কঠীয়া সিচাৰ লগে লগে সেইজীয়া ৰঙৰ সমাহাৰ ঘটিল। পকা ধানেৰে পথাৰখন ভৰি সেই ছবিখন সোণালী বৰণৰ হ'ল। পথাৰখনত কৰা খেতি সেয়েহে এক অনুপম শিল্পকাৰ্য। পথাৰত জ্যামিতি থাকে। সেই শিল্পকৰ্মৰ সতেই মানুহৰ জীৱন আৰু জীৱিকা জড়িত হৈ থাকে। পথাৰৰ সীৰলুও এক সুন্দৰ ৰেখা।[২]
  2. পৃথিৱীৰ প্ৰথম সংস্কৃতিয়েই হ'ল খেতি। অৰ্থাৎ সংস্কৃতিৰ আৰম্ভণিয়েই হ'ল খেতি। আজিৰ পৰা দহ বা বাৰ হাজাৰ বছৰ আগেয়ে পৃথিৱীত খেতিৰ উন্মেষ ঘটিছিল। তাৰ আগেয়ে মানুহে চিকাৰ কৰি পেট প্ৰবৰ্তন কৰিছিল। অৰ্থাৎ আমাৰ সমগ্ৰ মানৱ সংস্কৃতিৰ জন্ম হৈছে কৃষিক কেন্দ্ৰ কৰি। সেইবাবেই লোক সংস্কৃতিৰ আধাৰো হ'ল কৃষি। য'ত কৃষি বিলুপ্ত হৈছে, তাতেই সংস্কৃতি বাধাগ্ৰস্ত হৈছে। কৃষকসকলেই কঢ়িয়াই আনে লোক সংস্কৃতিৰ ধাৰাক। আমাৰ পুৰণি খেতি কৰা পদ্ধতি আছিল প্ৰকৃতিৰ সতে সংপৃক্ত হৈ। তাকেই পৰিবেশ অনুকূল খেতি বা 'eco farming' বুলি কোৱা হয়।[২]
  3. ১৯৫১ চনৰ তথ্যমতে ভাৰতৰ ভিতৰত প্ৰতি একৰ মাটিত ধানৰ উৎপাদন আটাইতকৈ বেছি আছিল অসমত। সেই সময়ত আমাৰ ধানখেতি সম্পূৰ্ণৰূপে প্ৰাকৃতিক আছিল। এতিয়া পিছে ধানৰ উৎপাদন সকলোতকৈ বেছি পঞ্জাৱত হয়। যেতিয়াই ধান অথবা অন্যান্য শস্য উৎপাদনৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ কথা আহিল, তেতিয়াই কৃষিত মানুহ আৰু বলদ গৰুৰ পৰিৱৰ্তে যন্ত্ৰৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ'ল। আচলতে তেতিয়াৰ পৰা হিতে বিপৰীতহে হ'ল। লাহে লাহে ফচল সামগ্ৰীৰ মানদণ্ড নিম্নগামী হৈ পৰিল। একেদৰে ১৯৬৬-৬৭ চন মানৰ পৰা সেউজ বিপ্লৱ আৰম্ভ হ'ল আৰু লগে লগে খেতিৰ বাবে মূলধনৰো প্ৰয়োজন হ'ল। পিছে তাহানিতে কথাবোৰ এনেধৰণৰ নাছিল। সেই সময়ত খেতি কৰিবলৈ নগদ ধনৰ প্ৰয়োজন নাছিল। তেতিয়া শ্ৰমিকৰ খৰচ বুলিবলৈও একো নাছিল। শস্য সিঁচিবলৈ অথবা উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ গাঁও অথবা ঘৰখনতেই জনবল মজুত আছিল। গতিকে কোনো ধৰণৰ বিনিয়োগ নোহোৱাকৈ খেতি কৰিব পৰা পৰিৱেশ এটা আছিল। অৰ্থাৎ সেই সময়ত খেতি প্ৰাকৃতিকভাৱে কৰা হৈছিল।[২]
  4. আচলতে নদীসমূহ সম্পৰ্কে সকলোৱে জনাটো আৱশ্যক। অসমৰ সকলো সৰু-বৰ নদীৰ ওপৰত একোখন সৰু সৰু পুস্তিকা থাকিব লাগে। প্ৰতিখন নদীৰ নামেৰেই একোখন পুস্তিকা ৰচনা কৰি নদীসমূহ সম্পৰ্কে আমি সৰ্বসাধাৰণক জনোৱা উচিত। এই ধৰা পাগলাদিয়া, বৰলীয়া, বেকী, মানাহ আদি বিভিন্ন নদ-নদীৰ একোখন কিতাপ থাকিব লাগে। সেইবোৰ কিতাপৰ বিক্ৰীও ভাল হ'ব আৰু অসমৰ জনগণে নদীসমূহ সম্পৰ্কেও জ্ঞান লাভ কৰিব।[২]
  5. এটি শিশুৱে যদি নৈৰ সোঁতত অকণমান সময়ৰ বাবে হ'লেও তাৰ ভৰি দুখন তিয়াই নৈৰ সোঁতৰ স্পৰ্শ লাভ কৰে, শিশুটোৱে যদি মেটেকা নাইবা দলনিৰ মাজত এটা চৰাইৰ বাহ দেখে নাইবা যদি এটা শিশুৱে এটা বাহত কিছুমান শালিকা চৰাইৰ পোৱালি দেখা পায় আৰু মাক বা বাপেক শালিকাটোৱে সিহঁতলৈ মুখত কেইটামান ফৰিং লৈ অহা লক্ষ্য কৰে, তেনেহ'লে সেই শিশুটোৱে প্ৰকৃতিৰ সতে মিতিৰালি পাতিবলৈ সক্ষম হ'ব। শালিকা বাপেকটোৰ পোৱালিকেইটালৈ ইমানেই মৰম যে নিজৰ পোৱালিৰ মাকটো বা ভোক থকাৰ পাছতো এটাও ফৰিং সিহঁতে ভক্ষণ নকৰে। শিশু এটাৰ এনেধৰণৰ কথা মন কৰাৰ প্ৰৱণতা থাকিলে সি প্ৰকৃতিক অনুভৱ কৰিব। পৰুৱাই লানি পতা দৃশ্যটো, মকৰাই জাল পতাৰ কৌশলটো প্ৰত্যক্ষ কৰিব পৰা মানুহজনেই আচলতে প্ৰকৃতিৰ উপাসক।[২]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. আনন্দ চন্দ্ৰ কলেজত শিক্ষাবিদ ড০ অৱনী কুমাৰ ভাগৱতী. প্ৰকাশক: অসমীয়া প্ৰতিদিন (২৬ ফেব্ৰুৱাৰী ২০২৪). আহৰণ কৰা হৈছে: ৩১ মে' ২০২৪.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ প্ৰখ্যাত ভূগোলবিদ তথা বিশিষ্ট পৰিৱেশকৰ্মী ড° অৱনী কুমাৰ ভাগৱতীৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (১৭ জুলাই ২০২১). আহৰণ কৰা হৈছে: ৩১ মে' ২০২৪.