অৰবিন্দ ৰাজখোৱা (লেখক)
অৰবিন্দ ৰাজখোৱা (ইংৰাজী: Arabinda Rajkhowa; জন্মঃ ১৯৮২-) একাধাৰে গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু সম্পাদক। তেওঁ ইতিমধ্যেই কুৰিখনতকৈয়ো অধিক গ্ৰন্থ, আলোচনী সম্পাদনা কৰাৰ লগতে নিজাকৈয়ো সাহিত্যৰ বিভিন্ন বিধাসমূহত গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ অসমৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক৷ [১]
উদ্ধৃতি
সম্পাদনা কৰকজাতীয় ঐতিহ্য আৰু সাহিত্য
- কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ উচ্চশিক্ষা আৰম্ভ কৰাৰ বাটত বিভিন্ন হেঙাৰ আছিল। তদানীন্তন অসম চৰকাৰে তাৰ বাবে যথাযোগ্য ধন আৱণ্টন নিদিয়াটো আছিল অন্যতম হেঙাৰ। দ্বিতীয়টো হেঙাৰ আছিল বাঙালীসকলে তেতিয়ালৈকে অসমীয়াক এটা স্বতন্ত্ৰ ভাষা হিচাপে স্বীকৃতি দিব নোখোজাটো। আশুতোষ মুখাৰ্জীয়ে অসমীয়াতো উচ্চশিক্ষাৰ প্ৰস্তাৱ দিয়াত বিশ্ববিদ্যালয়ৰ কোনো কোনো বাঙালী পণ্ডিতে প্ৰতিবাদ কৰিছিল। [২]
- অসমৰ এখন ডাঙৰ বুৰঞ্জী প্ৰণয়নৰ পৰিকল্পনা কৰা হেমচন্দ্ৰ গোস্বামীৰ এটা ডাঙৰ সফলতা হ'ল সূৰ্যকুমাৰ ভূঞাৰ দৰে উত্তৰ সাধক সৃষ্টি কৰিব পৰাটো।[৩]
- বৰ্তমান অসমত 'শিক্ষাবিদ' শব্দটো অবাধে প্ৰয়োেগ কৰা হয়। বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰপৰা অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা সকলোকে'শিক্ষাবিদ' বোলাৰ প্ৰৱণতা ইতিমধ্যে গঢ় লৈ উঠিছে। উপাচাৰ্য, অধ্যক্ষ, পঞ্জীয়ক আদি পদৰপৰা অৱসৰ লোৱাসকলক বিনাদ্বিধাই শিক্ষাবিদ বুলি কৈ দিয়া হয়। পিছে শিক্ষাবিদ শব্দটোৰে কেৱল শিক্ষকতাৰ লগত জড়িত ব্যক্তিক বুজোৱা নহয়। শিক্ষা প্ৰতিষ্ঠানৰ প্ৰশাসনিক কামৰ লগত জড়িতসকলো শিক্ষাবিদ নহয়। এজন শিক্ষাবিদ হ'ল শিক্ষা জগতৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশৰ বিশেষজ্ঞ। তেওঁ সামগ্ৰিক শৈক্ষিক উত্তৰণৰ হকে উপায় উদ্ভাৱন কৰে আৰু ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। কেৱল শিক্ষক, অধ্যাপক বা অধ্যক্ষৰ পদবীত চৰকাৰী চাকৰি কৰাসকল কোনো কাৰণতে শিক্ষাবিদ নহয়। [৪]
- বিষ্ণুপ্ৰসাদ ৰাভা কুৰি শতিকাৰ অসমৰ বিৰল ব্যক্তিত্ব। সম্প্ৰতি কোৱা হয় যে তেওঁ জীৱিত কালতে কিম্বদন্তী পুৰুষ হৈ পৰিছিল। কিন্তু তেওঁৰ খণ্ডিত জীৱন-বৃত্ত ভালদৰে অধ্যয়ন কৰিলে দেখা যায় যে, জীৱিত কালত কেইজনমান একান্ত সহযোগীৰ নিঃস্বাৰ্থ শ্ৰদ্ধা আৰু সমীহৰ বাদে তেওঁ বৰ বেছি আদৰ সন্মান লাভ কৰা নাছিল। অৱশ্যে তেনে আকাংক্ষা তেওঁৰ আছিল যেনো নালাগে। [৫]
- ৰাভাৰ জীৱন কালটো শাসকৰ ৰোষতে পাৰ হ'ল। মৃত্যুৰ পাছতো সুদীৰ্ঘ দিন তেওঁৰ সত্তাই মূল্যায়নৰ বাবে বাট চাব লগা হ'ল। অৱহেলা আৰু অনাদৰৰ মাজেৰে বা ভুল মূল্যায়নেৰে ৰাভাক যথেষ্ট ক্ষতি কৰা হ'ল। এতিয়াও শাসক পক্ষৰ মাজত ৰাভা বুলিলে যেন সংকোচৰ ৰেঙনি দেখিবলৈ পোৱা যায়। এয়া তেওঁৰ কৃতিত্ব বুলিয়ে ক'ব লাগিব। মৃত্যুৰ অত বছৰৰ পাছতো তেওঁ শোষক-শাসকৰ ভয়ৰ কাৰণ হৈ থাকিব পাৰিছে। [৬]
- প্ৰকৃতি সম্পৰ্কীয় সচেতনতা মানুহৰ মাজত ইতিহাসৰ বিভিন্ন স্তৰত দেখিবলৈ পোৱা যায়। প্ৰকৃতিৰ অংশ হিচাপে মানুহে এই সচেতনতা কাহানিও অস্বীকাৰ কৰিব পৰা নাই। মানুহৰ প্ৰব্ৰজন, সংস্কৃতি, সভ্যতা- এই সকলোবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰি থাকে। সেয়ে যি জাতিৰ প্ৰকৃতি সচেতনতা নাই তেনে জাতিয়ে কাহানিও কোনো দিশতে প্ৰভুত্ব বিস্তাৰ কৰিব পৰা নাই। [৭]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ লখিমপুৰ, সম্পা-অৰবিন্দ ৰাজখোৱা আৰু হিৰণ্য সভাপণ্ডিত, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ২০০৮
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ৪০.
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ৬৩.
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ৭০.
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ৮৮.
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ১০৮.
- ↑ জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ডিচেম্বৰ, ২০২১, পৃষ্ঠা. ১৫৭.