অস্তিত্বৰ অসহনীয় লঘুতা (উপন্যাস)
অস্তিত্বৰ অসহনীয় লঘুতা অসমীয়ালৈ অনূদিত এখন গ্ৰন্থ। মূল লেখক মিলান কুন্দেৰা। অনুবাদ কৰিছে মীনাক্ষি বুঢ়াগোহাঁইৱে।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- আমি জীৱনটোক য'তে-ত'তে যেনেকুৱা তেনেকুৱা ষ্টাইলত জীয়াই ৰাখোঁ। আমি সকলোৱে প্ৰচণ্ড শীততো অভিনয় কৰি থকা অভিনেতা। আমি ৰিহাৰ্চেলৰো সুযোগ নাপাওঁ। জীৱনৰ প্ৰথম ৰিহাৰ্চেলটোৱেই চূড়ান্ত অভিনয়। কিন্তু প্ৰথম ৰিহাৰ্চেলটোৱে যদি জীৱন হৈ যায়, তেনেহ'লে জীৱনৰ মূল্য কি? প্ৰথম ৰিহাৰ্চালটো ভুলে-ভালেই যেনেতেনে পাৰ হৈ যায়। গতিকে জীৱন হ'ল এটা স্কেচ্। অৱশ্যে স্কেচ্ শব্দটোও যথাৰ্থ নহয়। কিয়নো স্কেচত একোটা পূৰ্ণাংগ চিত্ৰকৰ্মৰ ধাৰণা থাকে। অথচ, যি স্কেচ্টোক আমি জীৱন বুলি কৈছোঁ, সেইটোও এটা অৰ্থহীন আঁক-বাঁক। কিয়নো সেই স্কেচত কোনো ছবিয়েই নাই।[১]
- জাৰ্মান ভাষাত এটা প্ৰবাদ আছে, মাত্ৰ এবাৰ যিটো ঘটে, সেইটো হয়তো ঘটাই নাই। সেই হিচাপে এটাই মাত্ৰ জীৱন লৈ জীয়াই থাকোঁ কাৰণে আমি হয়তো জীয়ায়ে নাথাকোঁ।।[১]