অসমত বিজ্ঞান চৰ্চাৰ ধাৰা (গ্ৰন্থ)

অসমত বিজ্ঞান চৰ্চাৰ ধাৰা অসমীয়া সাহিত্যিক পৰমানন্দ মজুমদাৰৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. বিজ্ঞান বৰ্তমান আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বিজ্ঞানে আমাৰ দৈনন্দিন জীৱন ধাৰাৰ আমূল পৰিৱৰ্তন ঘটাইছে। বিজ্ঞানৰ ব্যৱহাৰিক বিষময় ফলাফলসমূহক বাদ দিলে, পৃথিৱী ব্যাপী বিজ্ঞানে যে এক জোৱাৰ আনিছে তাক অস্বীকাৰ কৰাৰ উপায় নাই। সেয়ে বহুতে বিজ্ঞানক মননশীলতাৰ উজ্জ্বলতম নিদৰ্শন আখ্যা দিছে।[১]
  2. বিজ্ঞানৰ আজিৰ যি ৰূপ, বিজ্ঞান বুলিলে আমি যি বৈশিষ্ট্যৰ কথা বুজোঁ, এই ৰূপত বিজ্ঞান প্ৰতিষ্ঠাপিত হোৱা বেছি দিনৰ কথা নহয়। ক'বলৈ গ'লে যোৱা তিনি- চাৰিটা শতিকাৰ ভিতৰতহে বিজ্ঞানে সমগ্ৰ পৃথিৱীতে এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। বিজ্ঞানৰ বিকাশৰ পথ সেন্দুৰীয়া নাছিল। বহু শত বছৰৰ বাধা-বিপত্তিৰ মূৰকত বিজ্ঞানৰ জয় সুনিশ্চিত হৈছিল। পৰীক্ষা-নিৰীক্ষাৰে নতুন এখন ক্ষেত্ৰ আৱিষ্কাৰ কৰিবলৈ গৈ বহু বিজ্ঞানীয়ে অলেখ নিৰ্যাতন পাব লগা হৈছিল। অৱশেষত তেওঁলোকৰ সাধনাই স্বীকৃতি লাভ কৰিছিল।[১]
  3. আধুনিক বিজ্ঞান মূলতঃ যুৰোপীয়সকলৰ অৱদান। য়ুৰোপীয় ৰেনেচাঁৰ সময়ৰ পৰাই বিজ্ঞানৰ ত্বৰান্বিত গতি লক্ষ্যণীয়। সেইফালৰ পৰা চাবলৈ গ'লে ষোল শতিকাৰ পৰাই বিজ্ঞানৰ স্বতন্ত্ৰ ৰূপ প্ৰতিভাত হ'বলৈ ধৰে।[১]
  4. বিজ্ঞান কেৱল এটা যুগৰ বা এটা শতিকাৰ সাধনাৰ ফচল নহয়। মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ইতিহাসৰ লগত বিজ্ঞান চৰ্চাৰ ইতিহাসো সাঙুৰ খাই আছে। পৃথিৱীৰ প্ৰাচীন জাতিসমূহৰ মাজত আদিকালৰ পৰাই বিজ্ঞানৰ চৰ্চা হৈছিল। জ্ঞাতে-অজ্ঞাতে প্ৰাচীন জগতৰ মানুহৰ কাম-কাজত যি বৈজ্ঞানিক দৃষ্টিভঙ্গী পৰিলক্ষিত হৈছিল, বিজ্ঞান চৰ্চাৰ ইতিহাসৰ সি হ'ল আদি যুগ।[১]
  5. য়ুৰোপীয় বিজ্ঞানৰ ভিত্তি-ভূমি আছিল গ্ৰীকসকলৰ বৈজ্ঞানিক চিন্তা-ভাৱনা আৰু অৱদান। গ্ৰীকসকলৰ বিজ্ঞান সাধনা মানৱ সভ্যতাৰ এক উজ্জ্বলতম কৃতি। য়ুৰোপীয়সকলে এই গৌৰৱময় বিজ্ঞানৰ সংবাদ পাইছিল আৰব্য বিজ্ঞানৰ পৰা। ৰেনেচাঁ আন্দোলনৰ পূৰ্বে প্ৰায় সমগ্ৰ য়ুৰোপ আছিল ইছলামীয় সভ্যতাৰ প্ৰভাবাধীন।[১]