অভিজিত শৰ্মা বৰুৱা

অভিজিত শৰ্মা বৰুৱা হৈছে অসমৰ এজন অভিযন্তা,বিজ্ঞান লেখক, সম্পাদক। তেওঁ বিজ্ঞানভিত্তিক গ্ৰন্থৰ লগতে বহুতো শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ লিখিছে। ২০১৫ চনত তেওঁ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।[]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক

ছাত্ৰ-ছাত্ৰীৰ গাইড

সম্পাদনা কৰক
  1. সৰ্বোত্তম বন্ধু হ'ল এনে এজন বন্ধু, যি তোমাক তোমাৰ প্ৰয়োজনীয় সময়ত বিভিন্ন দিশ বা উপায় তোমাৰ আগত দাঙি ধৰে, কিন্তু তাৰে কোনো এটা উপায় গ্ৰহণ কৰিবলৈ তোমাক জোৰ নকৰে। অৰ্থাৎ, তোমাৰ ৰুচি-অভিৰুচি, পচন্দৰ ওপৰত সেয়া এৰি দিয়ে। কিতাপে ঠিক এইটো কামকে কৰে বাবে কিতাপক 'সৰ্বোত্তম বন্ধু' বুলি অভিহিত কৰা হয়।[]
  2. সফল অধ্যয়নৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল - অধ্যয়নৰ ইচ্ছা। সেয়াই যদি নাথাকে, তেন্তে তোমাক কোনেও একো সহায় কৰিব নোৱাৰে।[]
  3. ধৰা, তুমি এজন মানুহক বহু দিনৰ মূৰত লগ পালা। মানুহজন চিনাকি চিনাকি লাগিছে, কিন্তু কোন আছিল, সেয়া সঠিককৈ মনত পৰা নাই। এয়া তেনেই স্বাভাৱিক। কিন্তু সদায় লগ পাই থকা বন্ধুজনক? তেওঁৰ ক্ষেত্ৰত কি এনে ভুল হ'ব? সেয়া সম্ভৱেই নহয়। গতিকে কি বুজিলা? পঢ়াৰ ক্ষেত্ৰতো তুমি এবাৰ পঢ়িলেই সেয়া যথেষ্ট নহয়। তুমি সঘনাই সেয়া আওৰালেহে সি মনত ৰৈ যাব। []
  4. সহায়ক পুথি সদায় সহায়ক পুথিহে। সি তোমাক সহায় কৰিব, কিন্তু কেতিয়াও তোমাৰ বাবে একমাত্ৰ পঠনীয় পুথি হ'ব নোৱাৰে। []
  5. তুমি শিকিবলৈ ভাল পোৱাটো বা তোমাৰ ভিতৰত শিকাৰ আগ্ৰহ সৃষ্টি হোৱাটো বৰ গুৰুত্বপূৰ্ণ কথা। বিজ্ঞান হ'ল এই ক্ষেত্ৰত এক আকৰ্ষণীয় আৰু উপযুক্ত মাধ্যম। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ শৰ্মা বৰুৱা, অভিজিত (নৱেম্বৰ,২০১৯)। ছাত্ৰ-ছাত্ৰীৰ গাইড। সঞ্জীৱন। ISBN: 978-93-88456-02-9