অনুৰাধা শৰ্মা
অনুৰাধা শৰ্মা (ইংৰাজী: Anuradha Sarma) অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু সাহিত্যিক। তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত ২০০৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত যোগদান কৰে। তেখেতৰ বৰ্তমানলৈকে ১৪খন প্ৰবন্ধ সংকলন, ৭খন সম্পাদিত গ্ৰন্থ, ৭খন উপন্যাস, ১খন উপন্যাসিকাৰ সংকলন, ৪খন নাটক প্ৰকাশ পাইছে। ৰুদ্ৰাণী শৰ্মা তেখেতৰ ছদ্মনাম। নতুন নিনাদ আলোচনীখনৰো তেওঁ সম্পাদক আছিল।[১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰকসাহিত্যৰ সত্তানুসন্ধান গ্ৰন্থ
- সাহিত্য মানে মই যি বুজোঁ, সেই বুজাৰ মাজেৰেই সাহিত্যৰ সত্য অনুধাৱন কৰোঁ। কলা হিচাপে তাৰ মাজৰ নন্দনতাত্ত্বিক বিশিষ্টতাক অস্বীকাৰ কৰাৰ প্ৰশ্নই নাই, কিন্তু নান্দনিকতাৰ সাগৰত অৱগাহন কৰি তাতেই আত্মবিভোৰ হৈ থকা বাধ্য পাঠক আমি নহয়। জনগণৰ সুখ-দুখ, আশা-আকাংক্ষা, অস্মিতা আমি সাহিত্যৰ মাজত অন্বেষণ কৰোঁ। সৌন্দৰ্যবিভোৰ হোৱাতকৈ সত্তাৰ উপস্থিতিহে আমাৰ বাবে জৰুৰী হৈ পৰে।[২]
- শংকৰদেৱৰ 'ভাৰত' প্ৰসংগই আমাক ভাৰতীয় হিচাপে গৌৰৱ কৰিবলৈ শিকায়। আজিৰ ভাৰতবৰ্ষৰ মানুহে যদিহে 'ভাৰতবৰ্ষৰ তাৎপৰ্য উপলব্ধি কৰে তেন্তে সুকীয়াকৈ উত্তৰণৰ কথা ভবাৰ প্ৰয়োজন নাই। কিন্তু কথা হ'ল- সেই শুভবুদ্ধিৰ উদয় আমাৰ হ'বনে? গুৰুজনাৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ যদি আমি তেওঁৰ আদৰ্শ ৰক্ষা কৰিব নোৱাৰিলে বা তেওঁ দেখুৱাই যোৱা মাৰ্গ অনুধাৱন কৰিব নোৱাৰিলে আমি প্ৰকৃত অৰ্থত শ্ৰদ্ধা জনোৱা হ'বনে?[২]
- সাহিত্যচৰ্চা বা ধৰ্ম আচৰণ ব্যক্তিৰ ব্যক্তিগত বিষয় হ'লেও ইয়াৰ লগত সমাজখনৰ দৰ্শন, চিন্তা, সংস্কৃতিৰ কেতবোৰ দিশো তাৎপৰ্যপূৰ্ণভাৱে জড়িত হৈ পৰে। সাহিত্যত সমকালৰ সমাজ, ভাষা, মানৱিক চেতনা, নান্দনিক দৃষ্টিভংগী প্ৰতিফলিত হয়। সেইদৰে ধৰ্মৰ মাজত নিহিত হৈ থাকে সমাজ সংহত আৰু পৰিশীলিত কৰি তোলাৰ স্বপ্ন। সেইবাবে এই দুয়োটা বিষয় ব্যক্তিগত হৈয়ো সামূহিক।[২]
- এটা জাতি সকলোপিনৰ পৰাই সমৃদ্ধ হ'বলৈ হ'লে যিবোৰ মূল দিশত আমি গুৰুত্ব প্ৰদান কৰিব লাগে, তাৰ আটাইতকৈ উল্লেখনীয় দিশটোৱেই হ'ল- জ্ঞানৰ সাধনা। জ্ঞানেই হ'ল- আত্মিক বল যিটোৱে জাতিটোক সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ বাবে সাহস আৰু প্ৰেৰণা যোগাব পাৰে আৰু সকলো ধৰণৰ পৰিৱেশতে জাতিটোক সৱলভাৱে থিয় হৈ থাকিবলৈ শক্তি যোগাব পাৰে।[২]
- সময়ৰ লগে লগে অসমীয়া ভাষাৰ পৰিসৰ আজি ঠেক হৈ পৰিছে। অঞ্চলগত ব্যাপ্তি আৰু গোলকীকৰণ আৰু কেন্দ্ৰীয় ৰাজনীতিৰ চেপা-খুন্দাত প্ৰান্তীয় স্থানত থকা এসময়ৰ শক্তিশালী ভাষাটো আজি বেলেগ বেলেগ স্তৰৰ সংকটৰ সন্মুখীন হৈছে। 'অসম' নামৰ এই ভূখণ্ডৰ তাকো ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাহিৰে অসমীয়া ভাষাৰ স্থিতি আৰু পৃথিৱীৰ ক'তো নাই; এই অৱস্থানভূমিত অসমীয়া ভাষাৰ ৰক্ষাৰ দায়িত্ব জ্যোতিপ্ৰসাদে কোৱাৰ দৰে অসমৰ নবীন জোৱানৰ ওপৰত।[২]