অনুপম শইকীয়া (গণিতজ্ঞ)

অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(আই আই টি, গুৱাহাটী)ৰ গণিত বিভাগৰ এজন অধ্যাপক।[১] পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।[২] ট্ৰিনিটি কলেজৰ ট্ৰাইপজ পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰেংলাৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হৈছে অনুপম শইকীয়া। [৩]

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. গণিতৰ অনুৰাগীসকলৰ বহুতেই হয়তো সংখ্যাৰ প্ৰতিয়েই প্ৰথমে আকৰ্ষিত হয়।[৪]
  2. গৱেষণাৰ কৰ্মত প্ৰতিটো দিনতে ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে সাধাৰণতে বেছি সুফল পোৱা যায়। এটা কামৰ পৰা আধৰুৱাতে ওলাই আহি কেইদিনমান মনোনিৱেশ নকৰিলে মনটোক পুনৰ সেই পৰ্যায়লৈ নিবলৈ আকৌ সময় লাগিব পাৰে। অৱশ্যে কেতিয়াবা নতুন ধৰণেৰে সমস্যা একোটা চোৱাত ই সহায়কো হয়।[৪]
  3. সদায় ফলদায়ক নহ'লেও প্ৰক্ৰিয়াবোৰৰ পৰা বহু কথা শিকা হয় যিবোৰে সামগ্ৰিকভাবে উৎকৰ্ষ সাধন কৰে আৰু বিষয়বস্তু সম্বন্ধে বেছি স্পষ্ট ধাৰণা গঢ়ি তোলে। কেৱল ফলতে চকু নাৰাখি হয়তো গৱেষণাৰ চৰ্চা বা প্ৰক্ৰিয়াটোৰ আনন্দ ল'ব পৰাটোও এক সুখী গৱেষকৰ লক্ষণ।[৪]
  4. যেনেকৈ মোৰ দুয়োজনী ছোৱালীৰ ভিতৰত মোৰ প্ৰিয়জনী কোন সেই প্ৰশ্ন মনত উদয় নহয়, ভাল লগা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো একে কথাই। এই অস্পষ্টতাৰ ধূসৰতাই মোৰ সদাকাম্য।[৪]
  5. অসমৰ‌ কোনোবা এগৰাকী শিক্ষাৰ্থী পৰোক্ষভাবেও যদি মোৰ পৰা অলপ অনুপ্ৰাণিত বা প্ৰভাৱিত হৈছে, তেনেহ'লে মই অতি কৃতাৰ্থবোধ কৰিম। মই ভাবোঁ যে গণিতৰ উদীয়মান প্ৰতিভাসকলক আমি স্বীকৃতি আৰু উৎসাহ যোগাই থকা উচিত। অনুপ্ৰাণিত হৈ এটা প্ৰতিভাই যেতিয়া কৰ্মত দীৰ্ঘসময়ৰ বাবে আত্মনিয়োগ কৰে, তেওঁৰ সাফল্য সুনিশ্চিত।[৪]
  6. গৱেষক এজনৰ ফলতকৈও কাম বেছি ভাল পোৱাৰ প্ৰৱণতা থকা হয়তো ভাল। [৪]
  7. সহ-লেখনৰ বাবে সঘনাই কৰা মুকলি আলোচনা, বিশ্বাস, সহমৰ্মিতা আৰু দায়িত্বশীল মনোভাবৰ বিশেষ প্ৰয়োজন।[৪]
  8. সংখ্যাতত্ত্বৰ বা আন যিকোনো বিষয়ৰে শিখৰত কেইজনমান মনীষীয়েহে স্বাচ্ছ্যন্দে বিচৰণ কৰিব পাৰে, আৰু তেওঁলোকেহে বিষয়টোক বিশেষভাবে প্ৰভাৱিত কৰে। পিছে শিখৰৰ আৰোহণত এই অসাধাৰণ ব্যক্তিসকলে তুলনামূলকভাবে কম সামৰ্থৱান সকলৰ কৰ্মকো এক ঢাপ হিচাপে ল'ব লগা হ'ব পাৰে।[৪]
  9. গণিতৰ অনুশীলনে আমাক যুক্তিৰে কথাবোৰ চালি-জাৰি চাবলৈ শিকায়। মই ভাবোঁ যে আমাৰ সমাজৰ বহুতো আসোঁৱাহেই আঁতৰি যাব যদিহে আমি গণিতক শ্ৰেণীকোঠাতে সীমাৱদ্ধ নাৰাখি আমাৰ চিন্তা-চৰ্চাৰ এক আধাৰ বা মাধ্যম হিচাপে লওঁ। গাণিতিক ধৰণে এবাৰ চিন্তা কৰিবলৈ শিকা মন এটাত আমাৰ সমাজক কোঙা কৰি ৰখা বহুতো কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মান্ধতাই তিষ্ঠিব নোৱাৰিব।[৪]
  10. গণিতৰ গৱেষণা আৰম্ভ কৰাৰ আগতেই দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত গণিতৰ কৰ্মশালা, চেমিনাৰ আদিত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। সেইদৰে বিশিষ্ট গণিতজ্ঞই লিখা চাৰ্ভে আৰ্টিকল, ব্লগ বা সৰলকৈ লিখা প্ৰবন্ধ পঢ়িলেও উপকৃত হ'ব। দেশৰ আগশাৰীৰ শিক্ষা-গৱেষণা প্ৰতিষ্ঠানবোৰত গ্ৰীষ্মকালীন প্ৰকল্প বা ইণ্টাৰ্নশ্বিপ আদিত দুমাহৰ বাবে যোৱাৰ সুযোগো আজিকালি আছে। অনলাইন সমলো বহুতো আছে। এইক্ষেত্ৰত কোনোবাই বাট দেখুৱাই দিবহি বুলি ৰৈ নাথাকি নিজেও আগভাগ লোৱাৰ প্ৰয়োজন।[৪]

উৎস সম্পাদনা কৰক

  1. Faculty: Department of Mathematics, IIT Guwahati. প্ৰকাশক: www.iitg.ac.in.
  2. Publications. প্ৰকাশক: www.iitg.ac.in.
  3. "ট্ৰিনিটি কলেজত পঢ়াৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য", 3 september, 2020,.পৃষ্ঠাসমূহ. 7. আহৰণ কৰা হৈছে 12 September 2020.
  4. ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ পংকজ জ্যোতি মহন্ত, সম্পাদক (জুলাই-ছেপ্তেম্বৰ ২০২২). "অধ্যাপক অনুপম শইকীয়াৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ". গণিত বিকাশ ৭৪: ৩-১৩.