অনিমা চৌধুৰী

ভাৰতীয় কণ্ঠশিল্পী

অনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩) অসমৰ সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। তেওঁ আধুনিক গীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়ানাম, নামঘোষা, ৰাজস্থানী গীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদি বিভিন্ন ধৰণৰ গীতত কণ্ঠদান কৰিছে৷[] পিতৃৰ নাম দণ্ডীৰাম চৌধুৰী আৰু মাতৃৰ নাম হেমলতা চৌধুৰী৷ দাম্পত্য সংগীৰ নাম কমল নাৰায়ণ চৌধুৰী৷[] অনিমা চৌধুৰী এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা৷[]

অনিমা চৌধুৰী
  1. সংগীত মোৰ সুখ-সন্ধানৰ পোহৰ৷ শোক উপশমৰ আৰোগ্য-আলয়৷ সংগীত মোৰ জীৱনৰ অম্লজান৷[]
  2. অসমৰ নতুন সংগীত-শিল্পীসকলে বিশ্বৰ অন্যান্য অঞ্চলৰ সংগীত শিল্পীসকলৰ সংগীতশৈলী অনুসৰণ কৰি নতুন পৰীক্ষা-নীৰিক্ষা কৰা দেখা গৈছে৷ সেয়া অতি শুভ লক্ষণ৷ কিন্তু মই অনুভৱ কৰোঁ, নিজস্বতা পাহৰি অন্যক অন্ধ অসনুকৰণ কৰিবলৈ গ’লে বিশ্ববাসীৰ ওচৰত আমি হাঁহিয়াতৰ পাত্ৰ হ’ব লাগিব৷ অসমীয়া সংগীতৰ বৈশিষ্ট্য বজাই ৰখাৰ স্বাৰ্থত অসমীয়া সংগীতৰ মূল শিপাডাল পাহৰি নগৈ অন্যান্য অঞ্চলৰ সংগীতৰ ভালখিনি গ্ৰহণ কৰি কেনেকৈ অসমীয়া সংগীতৰ শোভাবৰ্ধন কৰিব পৰা যায়, সেই বিষয়ে নতুন প্ৰজন্মৰ সংগীত শিল্পীসকলে মনোযোগ দিয়া উচিত৷[]
  3. সংগীতৰ ক্ষেত্ৰখন অতি প্ৰতিযোগিতামূলক৷ ইয়াত জনপ্ৰিয়তা বজাই ৰখাটো সঁচাকৈয়ে বৰ কঠিন৷[]
  4. সমাজখন সলনি কৰিবলৈ, আমাৰ সমাজৰ ইতিবাচক বিকাশৰ দিশত অৰিহণা যোগাবলৈ আৰু আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ প্ৰতিজন সংগীতজ্ঞ আৰু গায়ক শিল্পীৰ দায়িত্ব আছে বুলি মই অনুভৱ কৰোঁ।[]
  5. মোৰ মানসিক সন্তুষ্টিয়ে হ’ল মোৰ জীৱনৰ সফলতাৰ মাপকাঠি৷ এতিয়ালৈকে যি পাইছোঁ, তাতেই যিহেতু মই সন্তুষ্ট, সেইবাবেই মই নিজে সফল বুলি অনুভৱ কৰোঁ৷[]
  1. Anima Choudhury. প্ৰকাশক: Rupali Parda. আহৰণ কৰা হৈছে: ৬ ফেব্ৰুৱাৰী ২০১৫.
  2. তালুকদাৰ, কুমুদ (অক্টোবৰ, ২৯ ২০২৩). "ড° অনিমা চৌধুৰী". সুকন্যা, নিয়মীয়া বাৰ্তা. 
  3. ৩.০ ৩.১ ৩.২ ৩.৩ এছ ডেকা, বৰ্ণালী (আগষ্ট ২০২২). "আইনাৰ আলাপত ড° অনিমা চৌধুৰী". আইনা জীৱনৰ. 
  4. চৌধুৰী, অণিমা (ডচেম্বৰ ২০১২২). "সংগীত মোৰ জীৱনৰ অম্লজান". সাতাসৰী (অষ্টাদশ বছৰ, পঞ্চম সংখ্যা). 
  5. Inerview (12 August 2023). "Revitalising Cultural Traditions". The Sentinel.