অনিমা গুহ
ড° অনিমা গুহ (ইংৰাজী: Dr Anima Guha; ২৬ মাৰ্চ ১৯৩২ -২৯ জুলাই ২০২১) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী। নাৰীৰ অধিকাৰৰ বাবে গঠিত নিৰ্যাতন বিৰোধী মঞ্চৰ সভাপতি ৰূপে তেওঁৰ কাম-কাজ সমূহে যথেষ্ট চৰ্চা লাভ কৰিছিল। দুই দশকতকৈও অধিক কাল তেওঁ অসমত মহিলাৰ সম-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দি আহিছে। কোনো শিক্ষাসদী অনুষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহ'লেও তেওঁ ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰিছে। ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ অনিমা গুহ কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- কেৱল ঘৰ-গৃহস্থালি লৈ ব্যস্ত হৈ থকা হতাশ মহিলাসকলক সদায় কওঁ হতাশাত নুভুগিবলৈ। কাৰণ চাকৰি-বাকৰি নকৰা গৃহিণীসকলৰ জীৱন আৰম্ভ হয় পঞ্চাশ বছৰ বয়সৰ পাছত।[১]
- সমাজৰ বাবে চিন্তা কৰা লোকে কেতিয়াও নাভাবে যে তেওঁৰ সকলো দায়িত্ব শেষ হৈ গৈছে৷[২]
- আমাৰ ধাৰণা, কোনো ব্যক্তিৰ প্ৰতিয়েই হওক বা কোনো ঠাইৰ প্ৰতিয়ে হওক, আকৰ্ষিত হ’বলৈ সুদীৰ্ঘ সময়ৰ প্ৰয়োজন নাই৷[২]
- গুৱাহাটী বিশ্ববিদ্যালয়ে ভূপেন হাজৰিকা আৰু অমলেন্দু গুহক চাকৰি নিদি গোৰ মাৰি গংগাত পেলাইছিল৷ তাৰ ফলত দুয়ো দুখন বহল সমুদ্ৰত সাঁতুৰিবলৈ সুযোগ পাইছে৷[২]
- মই মূলতে মানৱতাবাদী৷ নাৰীসকল সমাজত অধিক নিৰ্যাতিতা আৰু উপেক্ষিতা বাবে তেওঁলোকৰ সপক্ষে বেছিকৈ মাত মাতোঁ৷ কিন্তু আজিকালি একাংশ নাৰীয়ে পুৰুষকো নিৰ্যাতন কৰি আছে৷ তেনে ক্ষেত্তৰত পুৰুষৰ পক্ষে কওঁ৷ কোনেও কাকো শোষণ-নিৰ্যাতন নকৰক, এয়ে মোৰ কাম্য৷[২]
- নাৰী সবল নে দুৰ্বল সঁচাকৈ যদি চাব খোজে, গাঁৱলৈ যাব লাগিব, পাহাৰলৈ যাব লাগিব, চাহবাগিছাবোৰলৈ যাব লাগিব৷ দেখিব মহিলাসকলে পথাৰত কাম কৰি আছে, খৰি ছিৰি আছে, পানী আনিবলৈ গৈছে, ভাত ৰান্ধি আছে, সন্তান-পতি-শহুৰৰ সেৱ কৰি আছে, গিৰিয়েকৰ কোবো খাই আছে৷ মুঠতে জৈৱিকভাবে তেওঁলোক পুৰুষতকৈ অধিক৷ মৰেও পুৰুষতকৈ দেৰিকৈ৷ চহৰৰ মহিলাসকল তুলনামূলকভাবে অলপ আৰামত থাকে, সেয়ে বহুতে নিজকে দুৰ্বল বুলি ভাবে৷[২]
- দুটা নৰনাৰী বিবাহপাশত আৱদ্ধ হ’বলৈ সংকল্প ল’লে পৰস্পৰৰ প্ৰতি দায়ৱদ্ধ হোৱাটো বাঞ্ছনীয়৷[২]
- অৰ্থনৈতিকভাৱে পিছপৰা সাধাৰণ মানুহো অসাধাৰণ। কণীৱালা, গাখীৰৱালা, ডাব্বাৱালা, লাইব্ৰেৰীৱালা আদি খাটি খোৱা মানুহৰ পৰাও বহু কথা শিকিবলগীয়া আছে।[৩]
- এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছোঁ৷ “উল্টা বুঝলি ৰাম’’৷ মই ভাল ব্যৱহাৰ পাইছিলোঁ বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে৷ দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোঁহেঁতেন- “এয়েই আমাৰ ভাগ্য৷ আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক৷’’[৪]
উৎস
সম্পাদনা কৰক- ↑ অনিমা গুহ (২০১২)। বাকীছোৱা জীৱন, পৃষ্ঠা:২৯।
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ সাক্ষাৎকাৰ, ড° অনিমা গুহ..... আহৰণ কৰা হৈছে: 7 জুলাই 2023.
- ↑ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি।
- ↑ বৰ্ণিল যাত্ৰা, দ্বি-বাৰ্ষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, ২০১৯-২১, ISSN-2394-5192