অতনু ভট্টাচাৰ্য
অতনু ভট্টাচাৰ্য (জন্ম: ১৯৬৭) অসমৰ এগৰাকী কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। বৰ্তমানলৈকে তেখেতৰ ৪খন কবিতাৰ পুথি, ৪খন গল্পপুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে।
উদ্ধৃতি
সম্পাদনা কৰকবৰষুণৰ চেতাৰ
- অকলে অকলে খোজ কাঢ়িলে বতাহৰ সৈতে কথা পাতিব পৰা যায়, গুণগুণাই মন ভাল লগা গানৰ দুশাৰী ওঁঠলৈ আনিব পৰা যায়, নিজক আৰু অলপ বুজিব পৰা যায়।[১]
সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি
- হৃদয়ৰ নিভৃত কোণৰ পৰা কোনো তাড়না অনুভৱ নকৰাকৈয়ে যদি আপুনি কবিতা লিখিবলৈ লৈছে তেন্তে মই ক'ম- যিমান সোনকালে আপুনি কবিতা লিখিবলৈ এৰিব সিমানেই কবিতা, আপুনি আৰু পঢ়ুৱৈ সমাজ- এই তিনিওৰে প্ৰতি সুবিচাৰ কৰা হ'ব।[২]
- একধৰণৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা নাথাকিলে কোনো শিল্পকৰ্মৰ সৈতে কাৰো সম্পৰ্ক স্থায়ী অথবা দীঘলীয়া নহয়। আনক ক'বলৈ নহয়- নিজক ক'বলৈকে এটা সুন্দৰ আৰু শুভ উদ্দেশ্য নাথাকিলে কোনো মাধ্যম ফলপ্ৰসূ নহয়।[২]
- পৰিৱেশ্য কলাৰ কিছুমান মাধ্যমে মঞ্চৰ সন্মুখৰ এচাম দৰ্শকক আনন্দ দিয়ে, ক্ষন্তেকৰ বাবে অভিভূত আৰু আহ্লাদিত কৰে। মই বিশ্বাস কৰোঁ, সাহিত্য পঢ়ুৱৈক ওপৰে ওপৰে তৃপ্ত কৰা মাধ্যম নহয়। ই মানুহৰ অভ্যন্তৰত প্ৰৱেশ কৰে। ই স্পৰ্শ কৰে মানুহৰ মৰ্মমূল।[২]
- গ্ৰাহক হিচাপে পঢ়ুৱৈৰ একধৰণৰ পছন্দ আছে, লেখক হিচাপে আমি কিছুমান পছন্দক সঁহাৰি নজনাবও পাৰোঁ। কিন্তু মানুহ হিচাপে পঢ়ুৱৈৰ কিছু প্ৰয়োজন আছে, লেখক হিচাপে আমি সেই প্ৰয়োজনক আওকাণ কৰিব নোৱাৰোঁ।[২]
- সকলো সম্পৰ্কৰ মাজত থকা এটা সৰল সত্য হ'ল এই যে আপুনি মোক ভাল পাবলৈ হ'লে মই আপোনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগিব।[২]