সুভাষ চন্দ্ৰ বসু

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা

সুভাষ চন্দ্ৰ বসু (ইংৰাজী: Subhash Chandra Bose) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল।

সুভাষ চন্দ্ৰ বসু

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি গলি আনক পোহৰ দিয়ে৷[১]
  • * বাস্তৱতা আমাৰ দুৰ্বল বুজন শক্তিয়ে ঢুকি পাব নোৱাৰাকৈ বহুত ডাঙৰ। তথাপিও আমি আমাৰ জীৱনটো সেই তত্ত্বৰ ওপৰত গঢ়ি তুলিব লাগিব যিটোত সৰ্বোচ্চ সত্য আছে৷ আমি নিৰপেক্ষ সত্যক জানিব নোৱাৰো বা নাজানো কাৰণে মনে মনে বহি থাকিব নোৱাৰোঁ।[২]
  • সাধাৰণ মানুহে যিটোক আশাব্যঞ্জক কেৰিয়াৰ বুলি ক'ব তাৰ দুৱাৰমুখত থিয় দিওঁতে মোৰ মানসিক অৱস্থাটো আপুনি সহজেই বুজি পাব। এনে সেৱাৰ পক্ষত বহু কথা ক'ব পাৰি। আমাৰ প্ৰত্যেকৰে বাবে যিটো সৰ্বোচ্চ সমস্যা— আয় আৰু আহাৰ— ই এবাৰতে সমাধান কৰে। সফলতা বা বিফলতাৰ ক্ষেত্ৰত বিপদ বা অনিশ্চয়তাৰে জীৱনৰ সন্মুখীন হ’ব নালাগে। কিন্তু মোৰ স্বভাৱৰ এজন মানুহৰ বাবে যিয়ে এনে ধাৰণা ধাৰণ কৰি আহিছে যিবোৰক এক্সেন্ট্ৰিক বুলি ক’ব পাৰি — কম প্ৰতিৰোধৰ ৰেখাডাল অনুসৰণ কৰাটো সৰ্বোত্তম নহয়। সংগ্ৰাম নাথাকিলে বা যদি ল’বলগীয়া কোনো বিপদাশংকা নাথাকে তেন্তে জীৱনে আধা আগ্ৰহ হেৰুৱাই পেলায়। যিজনৰ হৃদয়ত লৌকিক উচ্চাকাংক্ষা নাই, তেওঁৰ বাবে জীৱনৰ অনিশ্চয়তাবোৰ ভয়ংকৰ নহয়। তদুপৰি অসামৰিক সেৱাত শিকলি বান্ধিলে নিজৰ দেশৰ সৰ্বোত্তম আৰু পূৰ্ণ সেৱা কৰাটো সম্ভৱ নহয়। মুঠতে অসামৰিক সেৱাৰ পৰীক্ষাৰ আজ্ঞা পালনৰ লগত জাতীয় আৰু আধ্যাত্মিক আকাংক্ষা সামঞ্জস্যপূৰ্ণ নহয়।[৩]
  • কঠিন জাতীয়তাবাদ আৰু নিখুঁত ন্যায় আৰু নিৰপেক্ষতাৰ ভিত্তিতহে ভাৰতীয় মুক্তিৰ সেনাবাহিনী গঢ়ি তুলিব পাৰি।[৪]
  • আমি যেতিয়া থিয় দিম, আজাদ হিন্দ ফৌজটো তেতিয়া গ্ৰেনাইটৰ বেৰৰ দৰে হ’ব লাগিব; আমি যেতিয়া মাৰ্চ কৰিম, তেতিয়া আজাদ হিন্দ ফৌজটো ষ্টীমৰোলাৰৰ দৰে হ’ব লাগিব।[৫]
  • এজন ব্যক্তিয়ে হয়তো কোনো ধাৰণা এটাৰ বাবে মৃত্যুবৰণ কৰিব পাৰে, কিন্তু সেই ধাৰণাটোৱে তেওঁৰ মৃত্যুৰ পিছতো হাজাৰ জীৱনত নিজকে জীয়াই ৰাখিব৷[৬]
  • ব্ৰিটেইনৰ সমস্যাই ভাৰতৰ সুযোগ।[৭]
  • সাম্প্ৰদায়িকতাই সম্পূৰ্ণকৈ নিজৰ নগ্ন কুৎসিত মূৰটো দাঙি ধৰিছে.... আনকি নিপীড়িত, দুখীয়া আৰু অজ্ঞানসকলেও স্বাধীনতাৰ বাবে হাহাকাৰ কৰে। ভাৰতত কেৱল গৰিষ্ঠসংখ্যক হিন্দু জনসংখ্যাৰ বাবে আমি হিন্দুৰাজ স্থাপনৰ কথা শুনিবলৈ পাওঁ। এই সকলোবোৰ অসাৰ চিন্তা। শ্ৰমিক শ্ৰেণীয়ে সন্মুখীন হোৱা কোনো সমস্যা সাম্প্ৰদায়িক সংগঠনে সমাধান কৰেনে? এনে কোনো সংগঠনৰ নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ কোনো উত্তৰ আছেনে?(Source- Collected Works, Vol-3) [৮]
  • ইতিহাসৰ কোনো প্ৰকৃত পৰিৱৰ্তন কেতিয়াও আলোচনাৰ দ্বাৰা হোৱা নাই৷[৯]
  • আমাৰ দেশবাসীয়ে নিজৰ প্ৰচেষ্টাৰে নিজকে মুক্ত কৰাত সফল হয় বা কোনো কাৰণত আপোনাৰ `ভাৰত ত্যাগ’ৰ সংকল্পটো ব্ৰিটিছ চৰকাৰে মানি লৈ ইয়াক কাৰ্যকৰী কৰে, তেন্তে আমাতকৈ বেছি সুখী কোনো নহ’ব। আমি অৱশ্যে এই ধাৰণাৰে আগবাঢ়িছো যে ওপৰৰ দুয়োটাৰে কোনোটোৱেই সম্ভৱ নহয় আৰু সংগ্ৰাম অনিবাৰ্য। ভাৰতৰ মুক্তিৰ এই পবিত্ৰ যুদ্ধত আমাৰ জাতিৰ পিতৃ হিচাপে আমি আপোনাৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ।[১০]
  • এতিয়া আগলৈ থকা কামটোৰ বাবে কঁকালত টঙালি ৰাখক। মই আপোনালোকৰ পৰা মানুহ, ধন আৰু সামগ্ৰী বিচাৰিছিলোঁ। মই সেইবোৰ উদাৰ পৰিমাণে পাইছোঁ। এতিয়া আপোনালোকৰ পৰা অধিক দাবী কৰিছোঁ। মানুহ, ধন আৰু সামগ্ৰীয়ে নিজেই জয় বা স্বাধীনতা আনিব নোৱাৰে। আমাৰ হাতত সেই প্ৰেৰণা-শক্তি থাকিব লাগিব যিয়ে আমাক সাহসী কাম আৰু বীৰত্বপূৰ্ণ জয়ৰ বাবে অনুপ্ৰাণিত কৰিব।[১১]
  • স্বাধীনতাৰ মূল্য কেৱল তেজেই দিব পাৰে। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম![১২]
  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং; ৩১৫ প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  2. 'An Indian pilgrim: an unfinished autobiography (1997) (১৯৯৭)ত উদ্ধৃত কৰা অনুসৰি নিজে, শিশিৰ কুমাৰ বসু আৰু সুগতা বসু, পৃষ্ঠা ৩৬
  3. Life and times of Subhas Chandra Bose, as told in his own words (1978)ত সন্নিৱিষ্ট তেওঁৰ ককায়েক শৰৎ চন্দ্ৰ বসুলৈ ১৯২০ চনৰ ২২ ছেপ্টেম্বৰত লিখা এখন চিঠিত, পৃ ৮৩
  4. In his address to the Indian National Army on becoming its Supreme Commander on 26 August 1943, as quoted in India Calling (1946) by himself and R. I. Paul, p. 52
  5. In his address to the Indian National Army on becoming its Supreme Commander on 26 August 1943, as quoted in Formation and growth of the Indian National Army (Azad Hind Fauj) (1946) by Durlab Singh, p. 25
  6. "Quotations by 60 Greatest Indians" at Institute of Information and Communication Technology
  7. S.R.Goel, GENESIS AND GROWTH OF NEHRUISM , Vol I
  8. গণশক্তি, পৃ: নং ৩, ১০ ফেব্ৰুৱাৰী, ২০২৩
  9. কেইজনমান স্বাধীনতা সংগ্ৰামীৰ স্মৰণীয় বাণী. আহৰণ কৰা হৈছে: 16 ছেপ্টেম্বৰ 2023.
  10. আজাদ হিন্দ ৰেডিঅ’ত মহাত্মা গান্ধীলৈ বাৰ্তা৷ (জুন ১৯৪৪)
  11. ৰুদ্ৰাংশু মুখাৰ্জীৰ The Great Speeches of Modern India (2011)ত সন্নিৱিষ্ট বাৰ্মাত দিয়া ভাষণ (১৯৪৪)
  12. ৰুদ্ৰাংশু মুখাৰ্জীৰ The Great Speeches of Modern India (2011)]ত সন্নিৱিষ্ট বাৰ্মাত দিয়া ভাষণৰ পৰা (১৯৪৪)উদ্ধৃত

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w: